জাতি বৰ্ণৰ বিভেদে আপোনাৰ বিবাহত বাধা হিচাপে থিয় দিছে নেকি? কি কৰিব আপুনি? জনালে বিশেষজ্ঞই

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:29 PM IST
জাতি বৰ্ণৰ বিভেদে আপোনাৰ বিবাহত বাধা হিচাপে থিয় দিছে নেকি? কি কৰিব আপুনি? জনালে বিশেষজ্ঞই
নিজৰ জাতিৰ মাজতে বিবাহ সম্পন্ন কৰি "জাতিৰ বিশুদ্ধতা" বৰ্তাই ৰখা হয় পৰৱৰ্তী প্ৰজন্মলৈও এই পৰম্পৰা ঠেলি দিয়া হয় |

নিজৰ জাতিৰ মাজতে বিবাহ সম্পন্ন কৰি "জাতিৰ বিশুদ্ধতা" বৰ্তাই ৰখা হয় পৰৱৰ্তী প্ৰজন্মলৈও এই পৰম্পৰা ঠেলি দিয়া হয় |

  • Share this:
যদিহে  প্ৰেমিক-প্ৰেমিকা বেলেগ বেলেগ জাতিৰ হয় তথাপিও তেওঁলোকে অনুভৱ কৰে যে. তেওঁলোক ইজনে আনজনৰ বাবে যোগ্য, তেওঁলোক দুয়োৰে মাজত সন্মান আৰু প্ৰেমভাব আছে, তেন্তে কোনেও তেওঁলোকৰ বিবাহত আপত্তি দৰ্শাব  নালাগে। এই কথা জনাইছে বিশেষজ্ঞা পল্লৱী বৰ্নৱালে।

পল্লৱী বৰ্নৱালে লগতে কৈছে যে, 'আমি সকলোৱে একমত হোৱা উচিত যে, জাত- পাতৰ ব্যৱস্থা আমাৰ সমাজৰ বাবে এক ডাঙৰ দুৰ্ভাগ্য।  লাখ লাখ ভাৰতীয়ই এই জাতিগত বিভেদ ব্যৱস্থাৰ বাবেই প্ৰতিদিনে ওচৰ-চুবুৰীয়া, বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বৈষম্যৰ সন্মুখীন হৈ আহিছে। এই প্ৰাচীনতম অন্যায় প্ৰণালীয়ে আমাৰ সংস্কৃতিৰ প্ৰতিটো দিশত আধিপত্য বিস্তাৰ কৰে। '



'প্ৰগতিশীল আৰু মুক্ত মনৰ আধুনিক ভাৰতীয়ই কিন্তু লাহে লাহে এনে ধৰণৰ কু-পৰম্পৰা এতিয়া বাদ দিছে। তেওঁলোকে বিশ্বাস কৰে যে, বেলেগ জাতিৰ যুৱক-যুৱতীৰ মাজত হোৱা বিবাহক মানি লোৱাটো ভাল, কিয়নো ইয়াৰ দ্বাৰা আমি জাতি ভেদ প্ৰথাক প্ৰত্যাহ্বান জনাব পাৰিম। সেয়েহে ভিন্ন জাতিৰ মাজত সম্পন্ন হোৱা বিবাহক  সকলোৱে আদৰণি জনাব লাগে।'

'আন কাৰোবাৰ প্ৰতি প্ৰেমৰ অনুভূতি জাগ্ৰত হোৱাটো স্বাভাৱিক, কিয়নো প্ৰেমে কোনো জাতি ভেদ নামানে | সেয়েহে এয়া অতি সাধাৰণ কথা যে, আপুনি আপোনাৰ জাতিৰ বাহিৰৰ এজন ব্যক্তিক ভাল পায় আৰু যদি আপোনালোক দুয়ো বিবাহ পাশত আৱদ্ধ হৈ নিজৰ এখন ঘৰ সজাব কৰিব বিচাৰে তেন্তে  বিবাহৰ এই সিদ্ধান্তত উপনীত হ'ব পৰাকৈ আপোনালোক সাহসী হোৱাটো প্ৰয়োজন।'

এয়া অতি আকৰ্ষণীয় আৰু জৰুৰী বিষয়। যিহেতু এই বিষয়টোক সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈ আহিছে আৰু এনে সময়তে ৮ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক সিদ্ধান্তক আমি আদৰণি জনোৱা উচিত।
Published by: Himangshu Bhuyan
First published: March 4, 2021, 10:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি