দেশৰ পাঁচ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনালৈ মাত্ৰ মাত্ৰ দুটা দিন বাকী। প্ৰকৃত ফলাফল অহা ২ মে'ত ঘোষণা কৰা হ'ব। কিন্তু তাৰ পূৰ্বেই দেশৰ বহুকেইটা Exit Poll-এ দিছে বিশেষ ইংগিত। যদি Exit Pollক বিশ্বাসৰ কৰা হয়, তেন্তে পশ্চিমবংগত এইবাৰ থমকিব পাৰে মমতা বেনাৰ্জীৰ ৰথ। সেইদৰে অসমত বিজেপিৰ চৰকাৰ আৰু তামিলনাডুত ডিএমকেৰ চৰকাৰৰ ইংগিত দিয়া হৈছে।
ইণ্ডিয়া টিভি আৰু Peoples Pulseৰ সমীক্ষা মতে, পশ্চিমবংগত এইবাৰ বিজেপিয়ে লাভ কৰিব পাৰে ১৬২ৰ পৰা ১৮১খন আসন। আনহাতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক দিছে মাত্ৰ ৬৭ৰ পৰা ৭৪খন আসন। কিন্তু এবিপিৰ সমীক্ষা মতে, পশ্চিমবংগত তৃণমূল কংগ্ৰেছে লাভ কৰিব ১৫২ৰ পৰা ১৬৪ খন আসন। আনহাতে বিজেপিক দিছে ১০৯ৰ পৰা ১২১ খন আসন।
ৰিপাব্লিক টিভ আৰু CNXৰ সমীক্ষা মতে,পশ্চিমবংগত বিজেপিয়ে দখল কৰিব ১৩৮ৰ পৰা ১৪৮ খন আসন। সেইদৰে তৃণমূল কংগ্ৰেছে লাভ কৰিব ১২৮ৰ পৰা ১৩৮ খন আসন। ইফালে Jan ki Baatৰ মতে, পশ্চিমবংগত তৃণমূল কংগ্ৰেছে লাভ কৰিব ১০৪ৰ পৰা ১২১ খন আসন। আনহাতে বিজেপিয়ে লাভ কৰিব ১৬২ৰ পৰা ১৮৫ খন আসন।
কিন্তু টাইমছ নাও, চি ভোটাৰে ৰাজ্যখনত আকৌ এবাৰ মমতা বেনাৰ্জীৰ দলেই শাসনলৈ অহাৰ ইংগিত দিছে। তৃণমূল কংগ্ৰেছক ১৫৮ খন আসন দিয়াৰ বিপৰীতে বিজেপিক দিছে ১১৫ খন আসন।
ইফালে অসমতো অধিকাংশ এজেন্সীয়ে পুনৰ এবাৰ বিজেপিৰ চৰকাৰ হোৱাৰ ইংগিত দিছে। কেৱল মাত্ৰ তিনিটা সংস্থাই কংগ্ৰেছ আৰু বিজেপিৰ মাত্ৰত তীব্ৰ যুঁজ হ'ব বুলি দাবী কৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 29, 2021, 21:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।