Language Policy: ৰাজ্যখনত বিদ্যমান দ্বিভাষিক নীতি অব্যাহত থাকিব। তামিলনাডু চৰকাৰৰ দ্বিভাষিক নীতি হৈছে তামিলক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা আৰু ইংৰাজীক বিশ্বৰ সৈতে সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰা- চৰকাৰৰ এই মন্তব্য। ৰাজ্যখনত বিদ্যমান দ্বিভাষিক নীতি (bilingual policy) অব্যাহত থাকিব। তামিলনাডু চৰকাৰৰ দ্বিভাষিক নীতি হৈছে তামিলক মাতৃভাষা (mother tongue) হিচাপে ব্যৱহাৰ কৰা আৰু ইংৰাজীক বিশ্বৰ সৈতে সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰা- তামিলনাডু চৰকাৰে (Tamil Nadu) চৰকাৰী বিদ্যালয়সমূহত ত্ৰিভাষিক নীতি (trilingual policy) প্ৰৱৰ্তন কৰাৰ সংবাদ মাধ্যমৰ বাতৰিৰ বিৰোধিতা কৰি এইদৰে নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। সংবাদ সংস্থা ANIৰ এক বাতৰিত এই কথা প্ৰকাশ।
উল্লেখ্য কিছুদিন পূৰ্বে ইংৰাজীৰ সলনি সহযোগী ভাষা হিচাপে হিন্দী ভাষা (Hindi Language) প্ৰয়োগৰ বাবে আহ্বান জনাইছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (Amit Shah) । তাৰ পিছৰ পৰাই দেশত ভাষা কেন্দ্ৰিক বিতৰ্ক (Language Controversy)ই পুনৰ নতুন ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে একাংশ সংবাদ মাধ্যমত তামিলনাডুত চৰকাৰী বিদ্যালয়ত ত্ৰিভাষিক নীতি প্ৰৱৰ্তন হোৱাৰ বাতৰি প্ৰকাশ হৈছিল। ইয়াৰ পিছতে চৰকাৰে এই বাতৰি অস্বীকাৰ কৰা বুলি ANIত প্ৰকাশ পাইছে।
Published by: Manjumoni Borah
First published: April 24, 2022, 20:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|