মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»শিশুৰ বাবে কোভিড ভেকচিন সম্পৰ্কত আজি হ’ব পাৰে সিদ্ধান্ত, শিশুক প্ৰদান কৰা হ’ব পূৰ্বৰে পৰা ভৰাই ৰখা চিৰিঞ্জ

শিশুৰ বাবে কোভিড ভেকচিন সম্পৰ্কত আজি হ’ব পাৰে সিদ্ধান্ত, শিশুক প্ৰদান কৰা হ’ব পূৰ্বৰে পৰা ভৰাই ৰখা চিৰিঞ্জ

News18 Assam | News18-Assam
Updated:October 11, 2021, 12:44 PM IST
শিশুৰ বাবে কোভিড ভেকচিন সম্পৰ্কত আজি হ’ব পাৰে সিদ্ধান্ত, শিশুক প্ৰদান কৰা হ’ব পূৰ্বৰে পৰা ভৰাই ৰখা চিৰিঞ্জ
দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে শিশুৰ বাবে ভেকচিনক লৈ আজি সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে।

দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে শিশুৰ বাবে ভেকচিনক লৈ আজি সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে।

  • Share this:
কোম্পানীৰ সূত্ৰই কয়, ‘CDSCOক ২–১৮ বছৰ বয়সৰ বাবে কোভেক্সিন চিকিৎসা সম্পৰ্কীয় পৰীক্ষণ ডাটা প্ৰস্তুত কৰা গৈছে। ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডৰ অধ্যক্ষ কৃষ্ণা এলাই ২১ ছেপ্টেম্বৰত কৈছিল যে ১৮ বছৰৰ কম বয়সৰ বাবে টিকা বিকশিত কৰাত ব্যস্ত কোভেক্সিনে প্ৰায় ১০০০ শিশুৰ মাজত দ্বিতীয় আৰু তৃতীয় পৰীক্ষণ সম্পূৰ্ণ কৰিছে আৰু ইয়াৰ বিশ্লেষণ অব্যাহত আছে।

দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে শিশুৰ বাবে ভেকচিনক লৈ আজি সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। CDSCOৰ বিষয় বিশেষজ্ঞ সমিতিয়ে সোমবাৰে ভাৰত বায়’টেকৰ কোভিড ভেকচিনক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ঔষধ নিয়ামকে ভাৰত বায়’টেকক এই বছৰৰ মে’ মাহত শিশুৰ ওপৰত পৰীক্ষণৰ কৰাৰ অনুমতি দিছিল। এই ট্ৰায়েল ছেপ্টেম্বৰত সম্পূৰ্ণ কৰা হয়। ৬ অক্টোবৰত কোম্পানীয়ে সত্যাপন তথা জৰুৰীকালীন ব্যৱহাৰৰ মঞ্জুৰিৰ বাবে CDSCO অৰ্পণ কৰে।

ভাইলৰ পৰা ভেকচিন চিৰিঞ্জত ভৰোৱাৰ সময়ত কেতিয়াবা ০.৫ এম এলতকৈ কম বা বেছি হ’ব পাৰে। সেয়েহে শিশুৰ বাবে কোভেক্সিন PFS মেকানিজমৰ জৰিয়তে পূৰ্বৰে পৰা ভৰি থকা চিৰিঞ্জত থাকিব। শিশুৰ টিকা লগোৱাৰ সময়ত সঠিক ড’জ খুবেই প্ৰয়োজনীয়। এই চিৰিঞ্জত শিশুৰ বাবে টিকাৰ পালি ০.৫ এম এল হ’ব।
Published by: Sanjay Kumar Das
First published: October 11, 2021, 12:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি