অবৈধ বাংলাদেশীয়ে সমগ্ৰ দেশৰ কাৰণে বিপদ মাতিছে: যোগী আদিত্যনাথ

নেটৱৰ্ক18ৰ এডিটৰ ইন চীফ ৰাহুল যোশীৰ সৈতে সাক্ষাৎকাৰত যোগী আদিত্যনাথে উল্লেখ কৰিলে NRCৰ প্ৰসংগ।

News18
Updated:September 19, 2019, 4:11 PM IST
অবৈধ বাংলাদেশীয়ে সমগ্ৰ দেশৰ কাৰণে বিপদ মাতিছে: যোগী আদিত্যনাথ
নেটৱৰ্ক18ৰ এডিটৰ ইন চীফ ৰাহুল যোশীৰ সৈতে সাক্ষাৎকাৰত যোগী আদিত্যনাথে উল্লেখ কৰিলে NRCৰ প্ৰসংগ।
News18
Updated: September 19, 2019, 4:11 PM IST
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নেটৱৰ্ক18ৰ এডিটৰ–ইন–চীফ ৰাহুল যোশীৰ সৈতে এক এক্সক্লুছিভ সাক্ষাৎকাৰত কয় যে, সমগ্ৰ দেশত NRC বলৱৎ কৰিব লাগে। তেওঁ বিজেপিৰ আনসকল নেতাৰ কথাক সমৰ্থন কৰি কয় যে দেশৰ সম্পদ ধ্বংস কৰা অনুপ্ৰৱেশকাৰীসমূহৰ চিনাক্তকৰণ জৰুৰী। তেওঁ অসমত বলৱৎ কৰা নেচনেল ৰেজিষ্টাৰ অৱ চিটিজেন্সৰ দ্বাৰা ভাৰতৰ সুৰক্ষা মজবুত হোৱাৰ আশা প্ৰকাশ কৰে। দেশৰ অন্য ৰাজ্যতো এই NRC বলৱৎ কৰাৰ পোষকতা কৰে যোগী আদিত্যনাথে। বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি দেশৰ আভ্যন্তৰীণ সুৰক্ষা মজবুত কৰাৰ দায়িত্ব থকাৰ কথাও তেওঁ উল্লেখ কৰে। 

বিজেপিয়ে অসমৰ লেখিয়াকৈ অন্য ৰাজ্যতো এনআৰচি বলৱৎ কৰাৰ কথা কয়। দেশত অনুপ্ৰৱেশ কৰা ব্যক্তি বাংলাদেশৰে হওক বা পাকিস্তানী হওক বা আন দেশৰ সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ঘোষণা কৰে আদিত্যনাথে। উল্লেখযোগ্য যে ১৬ ছেপ্তেম্বৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কৈছিল যে হাৰিয়ানাতো এনআৰচি বলৱৎ কৰিবলৈ তেওঁলোক সংকল্পৱদ্ধ। তেওঁ কয় যে, ৰাজ্য চৰকাৰে পৰিয়ালৰ পৰিচয় পত্ৰক লৈ অতি খৰটকীয়াকৈ কাম কৰি আছে। ইয়াৰ তথ্য এনআৰচিত ব্যৱহাৰ কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি