Exclusive: হিন্দু-মুছলমানৰ বিবাহ বিষয়ৰ তনিষ্ক বিজ্ঞাপন বিতৰ্কক লৈ সৰব অমিত শ্বাহ, দিলে বিশেষ বাৰ্তা

News18 Assam | News18-Assam
Updated:October 17, 2020, 9:25 PM IST
Exclusive: হিন্দু-মুছলমানৰ বিবাহ বিষয়ৰ তনিষ্ক বিজ্ঞাপন বিতৰ্কক লৈ সৰব অমিত শ্বাহ, দিলে বিশেষ বাৰ্তা
#AmitShahToNews18: গহণাৰ বিজ্ঞাপনকলৈ ছচিয়েল মিডিয়াত এতিয়া সৰব চৰ্চা। সেই প্ৰসংগত প্ৰথমবাৰলৈ মুখ খুলিলে গৃহমন্ত্ৰী অমিত শ্বাহে। বিজ্ঞাপনত হিন্দু-মুছলমানৰ বৈবাহিক সম্পৰ্ক দেখাবলৈ গৈ বিপাঙত পৰিছিল তনিষ্ক।

  • Share this:
শনিবাৰে Network18ৰ মুখ্য সম্পাদক ৰাহুল যোশীৰ সৈতে হোৱা এক্সক্লুছিভ সাক্ষাত্‍কাৰত তনিষ্কৰ বিতৰ্ককলৈ মুখ খুলিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সন্দৰ্ভত প্ৰশ্ন কৰাত অমিত শ্বাহে কয় যে, ‘ভাৰতবৰ্ষত সাম্প্ৰদায়িক সম্প্ৰীতিৰ এনাজৰি অত্যন্ত মজবুত। এনেধৰণৰ সাধাৰণ ঘটনাই দেশৰ মানুহৰ মাজত সামাজিক সদ্ভাব নষ্ট কৰিব নোৱাৰে। ইয়াৰ আগতেও বহুবাৰ দেশৰ ঐক্য আৰু সম্প্ৰীতি বিনষ্ট কৰিবলৈ বহু চেষ্টা কৰা হৈছিল।

ইয়াতেই শেষ নহয়, বিতৰ্কলৈ কংগ্ৰেছ দলক টানি আনি অমিত শ্বাহে কয় যে, ‘ইয়াৰ আগতেও ইংৰাজে ভাৰতীয় লোকক ধৰ্মক লৈ ভাগ-ভাগ কৰিবলৈ চেষ্টা কৰিছিল। সাম্প্ৰদায়িক ঐক্য বিনষ্ট কৰাৰ চেষ্টা কৰিছিল। ইংৰাজীৰ পিছত কংগ্রেছে এই চেষ্টা কৰিছিল। ’

কি আছিল বিজ্ঞাপনটোত- তনিষ্কৰ বিজ্ঞাপনত হিন্দু-মুছলমানৰ এখন বিবাহ দেখুওৱা হৈছিল। বিজ্ঞানটোকলৈ সৃষ্টি হৈছে বিতৰ্ক। এজন মুছলমান যুৱকৰ সৈতে বিয়াত বহিছিল এগৰাকী হিন্দু যুৱতী। গৰ্ভৱতী বোৱাৰীৰ বাবে মুছলমান পৰিয়ালটোৱে সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে আয়োজন কৰিছিল। আৰু এই বিজ্ঞাপনটো সম্প্ৰচাৰিত হোৱাৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 9:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading