ন্যায়ালয়ে এই সমস্যা চিৰকাললৈ শেষ কৰাৰো তেওঁ আশা প্ৰকাশ কৰে।
ন্যায়ালয়ে এই সমস্যা চিৰকাললৈ শেষ কৰাৰো তেওঁ আশা প্ৰকাশ কৰে।
- News18
- Last Updated :
ৰাম মন্দিৰ নিৰ্মাণক লৈ উচ্চতম ন্যায়ালয়ত চলা দৈনিক শুনানিৰ প্ৰক্ৰিয়াক স্বাগতম জনাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তথ্যৰ ভিত্তিত এই ক্ষেত্ৰত এক ইতিবাচক নিৰ্ণয় পোৱাৰো আশা কৰে যোগী আদিত্যনাথে।
তেওঁ কয় যে, আমি সকলো আশাবাদী হৈ আছো, আমি বিশ্বাস ৰাখিছো যে ন্যায়ালয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া আমি বলৱৎ কৰিম। আমি ইয়াৰ আগতেও পৰিণামলৈ নোচোৱাকৈ ন্যায়ালয়ৰ সিদ্ধান্ত বলৱৎ কৰিছো। উচিত হ’লহেতেন যদিহে অযোধ্যা কাণ্ডৰ মধ্যস্থতাৰ কাৰণে উচ্চতম ন্যায়ালয়ে যি সময় বান্ধি দিছিলে সেই সময়ৰ ভিতৰতে মুছলিম পক্ষ সমাধানৰ কাৰণে ৰাজী হ’লহেতেন। তেওঁলোক ইতিবাচক হোৱাহেতেন হয়তো এয়া হ’লহেতেন কিন্তু যদি কোনোবাই জেদ কৰি থাকে তেতিয়া সমস্যাৰ সমাধান মধ্যস্থতাৰ জৰিয়তে পোৱা নাযায়।
লগতে তেওঁ কয় যে, ন্যায়ালয়ৰ পৰা তেওঁ এনেকুৱা এটা সমাধানৰ কাৰণে আশা কৰিছে যাৰ দ্বাৰা এই সমস্যা চিৰকাললৈ সমাপ্ত হয়।
নেটৱৰ্ক18ৰ এডিটৰ ইন চীফ ৰাহুল যোশীৰ সৈতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এক এক্সক্লুছিভ সাক্ষাৎকাৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আদিত্যনাথে। অযোধ্যা বিবাদ, জনসংখ্যা নিয়ন্ত্ৰণ আৰু হিন্দীক ৰাষ্ট্ৰভাষাৰূপে গ্ৰহণ কৰাৰ সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|