হিন্দী বিতৰ্কক লৈ যোগী আদিত্যনাথৰ মন্তব্য, ‘হিন্দী শিকিলে দক্ষিণ ভাৰতীয়ই পাব চাকৰি’

হিন্দীক দেশৰ বিন্দী আখ্যা দিয়ে যোগী আদিত্যনাথে।

News18-Assam
Updated:September 18, 2019, 7:31 PM IST
হিন্দী বিতৰ্কক লৈ যোগী আদিত্যনাথৰ মন্তব্য, ‘হিন্দী শিকিলে দক্ষিণ ভাৰতীয়ই পাব চাকৰি’
হিন্দীক দেশৰ বিন্দী আখ্যা দিয়ে যোগী আদিত্যনাথে।
News18-Assam
Updated: September 18, 2019, 7:31 PM IST
যদিহে দক্ষিণ ভাৰতৰ লোকে হিন্দী শিকে, তেনেহ’লে তেওঁলোকে উত্তৰ ভাৰতত কাম কৰা সুযোগ লাভ কৰিব। দেশজুৰি অব্যাহত হিন্দী বিতৰ্কৰ মাজত এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

নেটৱৰ্ক18ৰ এডিটৰ ইন চীফ ৰাহুল যোশীৰ সৈতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এক এক্সক্লুছিভ সাক্ষাৎকাৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আদিত্যনাথে। অযোধ্যা বিবাদ, জনসংখ্যা নিয়ন্ত্ৰণ আৰু হিন্দীক ৰাষ্ট্ৰভাষাৰূপে গ্ৰহণ কৰাৰ সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

হিন্দী ভাষাক সমগ্ৰ দেশতে সন্মান দিয়াৰ পোষকতা কৰি যোগী আদিত্যনাথে কয়,
ৰাজভাষা হোৱাৰ বাবে হিন্দীক গ্ৰহণ কৰাটো ভাল কথা। হিন্দী আমাৰ ৰাজভাষা আৰু ৰাজভাষাৰ সন্মান হ’ব লাগে। আমাৰ দেশৰ ৰাষ্ট্ৰীয় সন্মানৰ সকলো প্ৰতীকক সন্মান কৰিব লাদে। এই সকলোবোৰৰ প্ৰতি আমাৰ দায়িত্ব আছে।


তেওঁ লগতে কয় যে,
ন্যায়ালয়ৰ কাম ইংৰাজী ভাষাৰ লগতে স্থানীয় ভাষাতো কৰিব পাৰি। আপুনি যদি তামিলনাডুৰ তেনেহ’লে ইংৰাজীৰ লগতে তামিল ভাষাও ব্যৱহাৰ কৰক। সাধাৰণ মানুহে ইংৰাজী নাজানে, এনে ক্ষেত্ৰত তেওঁ তামিল ভাষাতো ন্যায়ালয়ৰ কাম কাজৰ কথা জনাৰ অধিকাৰ আছে। ইয়াৰ বাহিৰেও ৰাজভাষা হোৱাৰ কাৰণে হিন্দীক গ্ৰহণ কৰাটো ভাল কথা।


যদি এক ভাৰত, শ্ৰে
ষ্ঠ ভাৰত গঢ়াৰ সপোন দেখিছো তেনেহ’লে আমি স্থানীয় ভাষাৰ লগতে হিন্দীকো ্ প্ৰম’ট কৰো। তামিলনাডুৰ মানুহজনৰ অধিকাৰ নাই নে কি যে তেওঁ দিল্লীত আহি কাম কৰিব, লক্ষ্নৌত আহি চাকৰি কৰিব। তেওঁৰ এই অধিকাৰ নাই নে কি যে তেওঁ ভূপাল আৰু মুম্বাইত চাকৰি কৰিব। এই ভাষাসমূহ জানিলে তেওঁৰ ওচৰত যথেষ্ট বিকল্প থাকিব আৰু দেশৰ যিকোনো ঠাইত নিজৰ কাৰণে কাম বিচাৰিব পাৰিব।


তেওঁ হিন্দীক দেশৰ বিন্দী অৰ্থাৎ ফোঁট বুলিও কয়।
আৰু চাওক পৰৱৰ্তী বাতৰি