#AmitShahToNews18 : News18ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি ক’লে অমিত শ্বাহে?

অমিত শ্বাহে কয়, ২০২০ চনত হ’বলগীয়া পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব

News18-Assam
Updated:October 17, 2019, 9:16 AM IST
#AmitShahToNews18 : News18ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি ক’লে অমিত শ্বাহে?
অমিত শ্বাহে কয়, ২০২০ চনত হ’বলগীয়া পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব
News18-Assam
Updated: October 17, 2019, 9:16 AM IST
News18 Network গ্ৰুপৰ এডিটৰ–ইন–চীফ ৰাহুল যোশীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই সাক্ষাৎকাৰত বিভিন্ন প্ৰসংগ উত্থাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। কি কি প্ৰসংগত অমিত শ্বাহে আগবঢ়ালে মন্তব্য?

দক্ষিণ–পূবত বিজেপিৰ সফলতাৰ হাৰ
দ্বিতীয়বাৰৰ বাবে দেশৰ শাসনৰ ভাৰে যেন সমগ্ৰ দেশত গেৰুৱা ঢৌ অধিক দীৰ্ঘস্থায়ী কৰি তুলিছে। দেশৰ পূব আৰু দক্ষিণৰ ৰাজনীতিৰ যুঁজ বিজেপিৰ বাবে সমানেই কঠিন। এই প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ দেশৰ ভিতৰত বিজেপিৰ সফলতাৰ হাৰৰ চিত্ৰখন পূব আৰু দক্ষিণত অলপ অন্য ধৰণৰ। সমগ্ৰ দেশত বিজেপিৰ ফলাফল লাহে লাহে ভাল হৈ গৈছে।

পশ্চিম বংগ বিধানসভা নিৰ্বাচন
News18ৰ সৈতে হোৱা সাক্ষাৎকাৰত অমিত শ্বাহে কয়, ২০২০ চনত হ’বলগীয়া পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব। লগতে শ্বাহে কয় যে মহাৰাষ্ট্ৰত শিৱসেনাৰ সৈতে মিত্ৰতা কৰিছে বিজেপিয়ে। তথাপি বিজেপিয়ে অধিকসংখ্যক আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি আশা কৰিছো।

কাশ্মীৰ প্ৰসংগ
কাশ্মীৰ প্ৰসংগক লৈ অমিত শ্বাহে কয় যে কাশ্মীৰক লৈ ভৱিষ্যত পৰিকল্পনা তৈয়াৰ কৰা হৈছে। আমোলাসকলক লৈ আমি এটা টীম গঠন কৰিছো। যিটো টীমে কাশ্মীৰৰ আগন্তুক ১৫ বছৰৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে।

ৰাজনীতি বা ধৰ্মৰ ৰং সানি সমগ্ৰ দেশত যিদৰে ব্যক্তিগত আক্ৰমণ বা গণপ্ৰহাৰৰ ঘটনা বৃদ্ধি পাইছে সেই সন্দৰ্ভত স্বাহে কয় যে এইধৰণৰ ঘটনা পূৰ্বেও ঘটিছিল। জোৰ–জুলুমকৈ এই ঘটনাক ৰাজনীতিৰ ৰহন নসনাই ভাল। মই ভাবো এয়া এক সামাজিক বিষয়।

ভাষাৰ ৰাজনীতি
সমগ্ৰ দেশত হিন্দী ভাষাক গুৰুত্ব দিয়া হওক। সম্প্ৰতি হিন্দী ভাষাক লৈ অমিত শ্বাহৰ মন্তব্য আৰু তাৰ পৰা সৃষ্টি হোৱা বিতৰ্কক লৈ গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ মন্তব্যক ভুলকৈ তুলি ধৰা হৈছে। মই ইংৰাজীৰ সলনি হিন্দী ভাষা ব্যৱহাৰৰ কথা কৈছিলো। দেশৰ প্ৰতিটো আঞ্চলিক ভাষাৰ গুৰুত্বৰ কথা বুজাব বিচাৰিছিলো।

NRC প্ৰসংগ
NRCক লৈ দেশৰ ৰাজনীতি উত্তপ্ত হৈ আছে। এন আৰ চি প্ৰসংগত অমিত শ্বাহে কয়, ‘NRCৰ বিষয়টো আইন আৰু আদালতৰ অধীনস্থ। কিন্তু কোনোবা যদি বাহিৰৰ পৰা আহি দেশৰ আভ্যন্তৰীণ শান্তি নষ্ট কৰে তেন্তে তেওঁক কেতিয়াও শৰণাৰ্থী হিচাপে গণ্য কৰা নহয়। সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব NRC।

ৰাম মন্দিৰ প্ৰসংগ
আন বিভিন্ন প্ৰসংগৰ সৈতে অমিত শ্বাহে উল্লেখ কৰে ৰাম মন্দিৰ প্ৰসংগও। ৰাম মন্দিৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত শ্বাহে কয় যে এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আমি সন্মান জনাম।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি