• Home
  • »
  • News
  • »
  • nation
  • »
  • Exclusive Interview: ভাৰত কেতিয়ালৈ ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ ৰূপে পৰিচিত হ'ব? Network18ৰে হোৱা সাক্ষাৎকাৰত বিত্তমন্ত্ৰীয়ে দিলে ইয়াৰ উত্তৰ

Exclusive Interview: ভাৰত কেতিয়ালৈ ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ ৰূপে পৰিচিত হ'ব? Network18ৰে হোৱা সাক্ষাৎকাৰত বিত্তমন্ত্ৰীয়ে দিলে ইয়াৰ উত্তৰ

বিত্তমন্ত্ৰীগৰাকীয়ে ২০২২-২৩ চনৰ বাজেট উপস্থাপন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এটা ব্যক্তিগত টিভিৰ সৈতে সাক্ষাৎকাৰত অংশ লৈছিল।

বিত্তমন্ত্ৰীগৰাকীয়ে ২০২২-২৩ চনৰ বাজেট উপস্থাপন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এটা ব্যক্তিগত টিভিৰ সৈতে সাক্ষাৎকাৰত অংশ লৈছিল।

বিত্তমন্ত্ৰীগৰাকীয়ে ২০২২-২৩ চনৰ বাজেট উপস্থাপন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এটা ব্যক্তিগত টিভিৰ সৈতে সাক্ষাৎকাৰত অংশ লৈছিল।

  • Share this:
নেটৱৰ্ক১৮ৰ সম্পাদক ৰাহুল যোশীৰে হোৱা সাক্ষাৎকাৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) ভাৰতীয় অৰ্থনীতি সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়ে। তেওঁ ভাৰতীয় অৰ্থনীতিক ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰতে তেওঁৰ দৃষ্টিভংগী আগবঢ়াইছিল (Exclusive Interview with FM Nirmala Sitharaman)।

বিত্তমন্ত্ৰীগৰাকীয়ে ২০২২-২৩ চনৰ বাজেট উপস্থাপন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এটা ব্যক্তিগত টিভিৰ সৈতে সাক্ষাৎকাৰত অংশ লৈছিল। তেওঁক সোধা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪-২৫ বৰ্ষৰ ভিতৰত ভাৰতত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি তৈয়াৰ কৰাৰ কথা কৈছিল? (কোৰোনা কাল আৰম্ভ হোৱাৰ আগতে এই কথা প্ৰধানমন্ত্ৰীয়ে কৈছিল)। এই সন্দৰ্ভত, বিত্ত মন্ত্ৰীৰ মতামত জানিব বিচৰা হৈছিল (​Aim to reach 5 trillion economy)। তেওঁ উল্লেখ কৰে- ''মহামাৰীয়ে আমাক অলপ তললৈ টানি আনিছে। কিন্তু যদি আমি ইয়াক ৭-৮ বছৰ আগৰ আজিৰ সৈতে তুলনা কৰোঁ, ভাৰত যথেষ্ট উন্নত স্থিতিত আছে। সেই সময়ত, আমাৰ জিপিডি, এফডিআই, বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আৰু আমাৰ বিনিয়োগৰ স্তৰ বিশেষ একো নাছিল। এই সকলোবোৰৰ ক্ষেত্ৰত আমি ৭-৮ বছৰ পূৰ্বৰ তুলনাত এতিয়া প্ৰায় ২.৫ গুণ ভাল। আৰু সেইটোও কোৰোনা মহামাৰীৰ পৰা ওলাই অহাৰ পিছত হৈছে।''

"আজিৰ কথা ক'লে, আমাৰ অৰ্থনীতি এতিয়া ২.৩ ট্ৰিলিয়ন ডলাৰৰ। গতিকে ইয়াৰ পৰা যদি আপুনি কোনো বাধা অবিহনে নিৰন্তৰ লক্ষ্যৰ ফালে যোৱা যায়, নীতি আৰু কৰ আদিৰ সৈতে অত্যধিক খেলিমেলি নকৰাকৈ বা যদি সকলোবোৰ স্থিৰ হৈ থাকে, তেনেহ'লে নিশ্চিতভাৱে প্ৰধানমন্ত্ৰীয়ে কোৱা লক্ষ্যত উপনীত হ'ব পাৰে।'' বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে কয়।

তেওঁ উল্লেখ কৰে যে ২০২৪-২৫ৰ ভিতৰত লক্ষ্য (৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতি) প্ৰাপ্ত কৰিব পৰা যাব পাৰে, কিন্তু মহামাৰীৰ প্ৰভাৱৰ কথাও তেওঁ অস্বীকাৰ কৰিব নোৱাৰি বুলি প্ৰকাশ কৰে। উল্লেখ্য, চিইএয়ে কৈছিল যে ২০২৬ চনৰ ভিতৰত লক্ষ্যত উপনীত হ'ব পৰা যাব। কালি বাজেট উপস্থাপন কৰাৰ পিছত দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা (চিইএ) ড০ ভি অনন্ত নাগেশ্বৰনে আশা ব্যক্ত কৰে যে যদি ৮ৰ পৰা ৯ শতাংশ বৃদ্ধিৰ হাৰ অব্যাহত থাকে, তেন্তে ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ বা পৰৱৰ্তী বিত্তীয় বৰ্ষত ভাৰত ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ'ব পাৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি