உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • EXCLUSIVE | Al-Qaeda: ভাৰতত এতিয়াও কেনেদৰে সক্ৰিয় হৈ আছে আল-কায়দা; শেহতীয়া গ্ৰেপ্তাৰবোৰে ফাদিল কৰিছে ক্ৰমবৰ্ধমান প্ৰপাগাণ্ডা

    EXCLUSIVE | Al-Qaeda: ভাৰতত এতিয়াও কেনেদৰে সক্ৰিয় হৈ আছে আল-কায়দা; শেহতীয়া গ্ৰেপ্তাৰবোৰে ফাদিল কৰিছে ক্ৰমবৰ্ধমান প্ৰপাগাণ্ডা

    শেহতীয়াকৈ আনছাৰ আল ইছলাম সন্ত্ৰাসবাদী মডিউল (Ansar al Islam terror module)ৰ ১৭ জন লোকক গ্ৰেপ্তাৰ কৰাটোৱে ভাৰতত উগ্ৰবাদ আৰু চাইবাৰস্পেচৰ জৰিয়তে আল-কায়দাৰ ক্ৰমবৰ্ধিত প্ৰচাৰ যন্ত্ৰক সন্মুখলৈ আনিছে।

    • Share this:
    শেহতীয়াকৈ আনছাৰ আল ইছলাম সন্ত্ৰাসবাদী মডিউল (Ansar al Islam terror module)ৰ ১৭ জন লোকক গ্ৰেপ্তাৰ কৰাটোৱে ভাৰতত উগ্ৰবাদ আৰু চাইবাৰস্পেচৰ জৰিয়তে আল-কায়দাৰ ক্ৰমবৰ্ধিত প্ৰচাৰ যন্ত্ৰক সন্মুখলৈ আনিছে।

    ভাৰতৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু অসম, মধ্য প্ৰদেশ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ আৰক্ষীয়ে মাৰ্চ-এপ্ৰিলত আল-কায়দা (Al-Qaeda)অনুপ্ৰেৰিত আনছাৰ আল ইছলাম মডিউলক নিষ্ক্ৰিয় কৰে।

    ইণ্টেলিজেঞ্চ ব্যুৰোৰ মতে, আনছাৰ আল ইছলাম (Ansar al Islam) মডিউলে ছ'চিয়েল মিডিয়াত আল-কায়দাৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰি আছিল আৰু সহজে প্ৰভাৱিত হোৱা লোকসকলক আল-কায়দাৰ আদৰ্শৰ প্ৰতি প্ৰভাৱিত আৰু মৌলবাদী কৰি তুলিছিল। এই মডিউলটোৱে ভাৰতীয় যুৱক-যুৱতীসকলক সশস্ত্ৰ জিহাদ (armed Jihad)ৰ বাবেও প্ৰৰোচিত কৰা, নিৰ্বাচিত সোঁপন্থী নেতা আৰু ব্যক্তিত্বৰ লক্ষ্যপূৰ্ণ হত্যাৰ পৰিকল্পনা কৰা আৰু আল-কায়দাৰ বাবে সহানুভূতিশীলসকলৰ পৰা পুঁজি সংগ্ৰহ কৰাতো জড়িত আছিল।

    প্ৰথমতে মধ্যপ্ৰদেশৰ ভূপালৰ পৰা ইয়াৰ ৬জনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিছত অসম, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, ত্ৰিপুৰাৰৰ পৰাও এই মডিউলটোৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল।

    গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ পৰা জব্দ কৰা বৈদ্যুতিক সঁজুলিবোৰে জিহাদী সাহিত্য (Jihadi literature) আৰু আল-কায়েদাৰ সৈতে সম্পৰ্কিত ভিডিঅ'সমূহৰ বিশাল তথ্য ভাণ্ডাৰ উদঙাই দিছিল। তেওঁলোকৰ গোপন আস্থানাৰ পৰা বঙালী আৰু উৰ্দু দুয়োটা ভাষাটে লিখা জিহাদৰ ওপৰত বৃহৎ পৰিমাণৰ পুস্তিকা (booklets on Jihad) উদ্ধাৰ কৰা হৈছিল।

    এই অপাৰেটিভসকলক বিদেশৰ পৰা আল-কায়দাৰ উগ্ৰপন্থীয়ে পৰিচালনা কৰি আছিল। জানিব পৰা গৈছে যে গ্ৰেপ্তাৰ কৰা লোকসকলে ভাৰতত আল-কায়দাৰ স্থানীয় মডিউল গঠনৰ চেষ্টা কৰি আছিল।

    এই আটাইকেইজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আনছাৰ আল ইছলাম মডিউলৰ সকলো ভাৰতীয় সদস্যক গ্ৰেপ্তাৰ কৰা বুলি অনুমান কৰা হৈছে যদিও আল-কায়দাৰ জেহাদৰ জাল মেলাৰ আশংকা আঁতাৰ নাই।
    Published by:Manjumoni Borah
    First published: