• Home
  • »
  • News
  • »
  • nation
  • »
  • চৰকাৰে 'অতি সোনকালে' নিষিদ্ধ কৰিব PFIক, সকলো প্ৰস্তুতি সম্পূৰ্ণ: News18ৰ সূত্ৰ

চৰকাৰে 'অতি সোনকালে' নিষিদ্ধ কৰিব PFIক, সকলো প্ৰস্তুতি সম্পূৰ্ণ: News18ৰ সূত্ৰ

সূত্ৰই জনোৱা মতে, চৰকাৰে অনুভৱ কৰিছে যে কৰ্তৃপক্ষই সংগঠনটোৰ বিৰুদ্ধে চলোৱা দেশজোৰা অভিযানৰ পিছত যি ধৰণৰ দাঙ্গা আৰু হিংসাত্মক পৰিস্থিতি সংঘটিত হৈছে, তাৰ পৰা অনুমান কৰিব পাৰি যে PFI এটা বিপজ্জনক সংগঠন।

  • Share this:
মঙলবাৰে চৰকাৰৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, কেন্দ্ৰই অতি শীঘ্ৰেই উগ্ৰ ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI)ক নিষিদ্ধ কৰিবলৈ সাজু হৈছে আৰু ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

সূত্ৰই জনোৱা মতে, চৰকাৰে অনুভৱ কৰিছে যে কৰ্তৃপক্ষই সংগঠনটোৰ বিৰুদ্ধে চলোৱা দেশজোৰা অভিযানৰ পিছত যি ধৰণৰ দাঙ্গা আৰু হিংসাত্মক পৰিস্থিতি সংঘটিত হৈছে, তাৰ পৰা অনুমান কৰিব পাৰি যে PFI এটা বিপজ্জনক সংগঠন। ই যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ সক্ষম বুলিও তেওঁলোকে লগতে কয়।

গ্ৰেপ্তাৰ কৰাসকলৰ জেৰাৰ প্ৰতিবেদনে প্ৰকাশ কৰিছে যে তেওঁলোকে ভাৰতক অস্থিৰ কৰাৰ প্ৰয়াসত বহু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে যোগাযোগত আছে, সূত্ৰসমূহে কয় যে এই সকলোবোৰ চাই নিষেধাজ্ঞা অতি সোনকালে আহিব লাগে।

PFIৰ বিৰুদ্ধে দেশজোৰা অভিযান চলোৱাৰ পাঁচ দিনৰ পাছত মঙলবাৰে উত্তৰ প্ৰদেশ, কৰ্ণাটক, গুজৰাট, দিল্লী, মহাৰাষ্ট্ৰ, অসম, আৰু মধ্যপ্ৰদেশত ৰাজ্যিক আৰক্ষী দলৰ নেতৃত্বত একেধৰণৰ অভিযানত PFIৰ সৈতে জড়িত থকাৰ অভিযোগত ১৫০ জনতকৈ অধিক লোকক আটক কৰা হয়।

২২ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (National Investigation Agency)ৰ নেতৃত্বত দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন কৰাৰ অভিযোগত ১৫ খন ৰাজ্যত সংগঠনটোৰ ১০৬ জন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰে। PFIৰ সৈতে জড়িত ১৯টা গোচৰৰ তদন্ত কৰি আছে NIA.
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি