তাপমাত্ৰা মাইনাছ ৪০ৰ তলত, ৪০ ফুটলৈকে বৰফ! লাডাখত থকা সেনা-জোৱানৰ বাবে বিশেষ আৱাসগৃহ

News18 Assam | News18-Assam
Updated:November 18, 2020, 10:26 PM IST
তাপমাত্ৰা মাইনাছ ৪০ৰ তলত, ৪০ ফুটলৈকে বৰফ! লাডাখত থকা সেনা-জোৱানৰ বাবে বিশেষ আৱাসগৃহ
নৱেম্বৰ মাহৰ পৰাই লাডাখৰ বিভিন্ন অঞ্চলৰ তাপমাত্ৰা নামিছে প্ৰায় মাইনাছ ৪০ ডিগ্ৰীৰ তললৈ।

নৱেম্বৰ মাহৰ পৰাই লাডাখৰ বিভিন্ন অঞ্চলৰ তাপমাত্ৰা নামিছে প্ৰায় মাইনাছ ৪০ ডিগ্ৰীৰ তললৈ।

  • News18 Assam
  • Last Updated: November 18, 2020, 10:26 PM IST
  • Share this:
এপ্ৰিলৰ পৰাই উত্তপ্ত হৈ আছে লাডাখ। ভাৰত-চীনৰ মাজত চলি থকা সীমান্ত সংঘাতৰ বাবে উত্তপ্ত হৈ আছে লাডাখ। লাডাখ সীমান্তলৈ এতিয়া বিশেষ ভাবে চকু ৰাখিছে ভাৰতীয় সেনাই। তাৰ সমান্তৰাল ভাবে কাশ্মীৰৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে তুষাৰপাত। লাডাখৰ বহু অঞ্চল এতিয়া আৱৰিছে বৰফেৰে। ফলত কিছু পৰিমাণে সমস্যাত পৰিছে সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা সেনা-জোৱানসকল।

নৱেম্বৰ মাহৰ পৰাই লাডাখৰ বিভিন্ন অঞ্চলত প্ৰায় মাইনাছ ৪০ ডিগ্ৰীৰ তললৈ নামিছে তাপ মাত্ৰা। বহু ঠাই ৩০-৪০ ফুট পৰ্যন্ত বৰফেৰে ঢাকিছে। এই অৱস্থাত সেনাবাহিনী থকাতো অত্যন্ত কষ্টকৰ। গতিকে এই কথা মনত ৰাখিয়েই লাডাখত জোৱানসকলৰ বাবে বিশেষ সুবিধাযুক্ত আৱাসগৃহ প্ৰস্তুত কৰি তোলা হৈছে।



কি কি ব্যৱস্থা আছে এই আৱাসগৃহ সমূহত?

আৱাসগৃহত সমূহত বিশেষ ভাবে পানীৰ সুবিধাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গৰম পানীৰ ব্যৱস্থা আছে। স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক বিশেষ ৱাবে গুৰুত্ব দিয়া হৈছে। আবাসগৃহ সমূহৰ প্ৰতিটো কোণেই সেনা জোৱানৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে। শীতৰ পৰা যাতে কিছু পৰিমাণে হ’লেও জোৱানসকল হাত সাৰি থাকিব পাৰে, সেই ক্ষেত্ৰত বিশেষ ভাবে গুৰুত্ব দিয়া হৈছে।

সেনাৰ তম্বুত বিশেষ ভাবে হিটিঙৰ ব্যৱস্থা কৰা হৈছে। কেৱল ইমানেই নহয়, সেনাৰ চিকিত্‍সাৰ কথা মনত ৰাখি বিশেষ ব্যৱস্থা ৰখা হৈছে আৱাসগৃহ সমূহত।

জৰুৰী পৰিস্থিতিৰ বাবে পৰ্যাপ্ত সুবিধাৰ ব্যৱস্থা কৰা হৈছে বুলি জনাইছে ভাৰতীয় সেনাৰ তৰফৰ পৰা। আমেৰিকাৰ পৰা  ঠাণ্ডাৰ দিনত পৰিধান কৰিব পৰা উন্নতমানৰ পোছাক আমদানি কৰিছে ভাৰতে।
Published by: Himangshu Bhuyan
First published: November 18, 2020, 10:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading