உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Qutub Minar: কুতুব মিনাৰ কমপ্লেক্সত খনন আৰম্ভ কৰাৰ সম্ভাৱনা, আহিছে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ নিৰ্দেশনা

    Qutub Minar: কুতুব মিনাৰ কমপ্লেক্সত খনন আৰম্ভ কৰাৰ সম্ভাৱনা, আহিছে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ নিৰ্দেশনা

    ১৯৯১ চনৰ পিছত কুটুব মিনাৰত খনন কাৰ্য হোৱা নাই

    ১৯৯১ চনৰ পিছত কুটুব মিনাৰত খনন কাৰ্য হোৱা নাই

    ১৯৯১ চনৰ পিছত কুটুব মিনাৰত খনন কাৰ্য হোৱা নাই

    • Share this:
    ৰাজধানী দিল্লীত অৱস্থিত ঐতিহাসিক কুতুব মিনাৰৰ পৰিসৰত খনন কাৰ্য আৰম্ভ হ'ব পাৰে। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে কুতুব মিনাৰত মূৰ্তিবোৰৰ Iconography কৰাৰ বাবে নিৰ্দেশ দিছে। এক প্ৰতিবেদনৰ আধাৰত খনন কাৰ্য আৰম্ভ হ'ব। ইয়াৰ পিছত এএছআয়ে (Archaeological Survey of India) খননৰ বিষয়ে সংস্কৃতি মন্ত্ৰালয়ক প্ৰতিবেদন দিব।

    সংস্কৃতি মন্ত্ৰালয়ৰ সচিবে শনিবাৰে বিষয়াসকলৰ উক্ত স্থান পৰিদৰ্শন কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হয়। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, মিনাৰটোৰ দক্ষিণে মছজিদৰ পৰা ১৫ মিটাৰ দূৰত্বত খনন (Excavation) কাৰ্য আৰম্ভ কৰিব পাৰে।

    উল্লেখ্য, আইকন'গ্ৰাফী হৈছে কলা ইতিহাসৰ এক শাখা যি ছবিৰ সমল চিনাক্তকৰণ, বৰ্ণনা আৰু ব্যাখ্যা কৰে। ASI অধিকাৰীসকলৰ মতে ১৯৯১ চনৰ পিছত কুটুব মিনাৰত খনন কাৰ্য হোৱা নাই, যাৰ বাবে বহুখিনি গৱেষণা স্থগিত হৈ আছে। সেয়ে এই সিদ্ধান্ত লোৱা হৈছে।

    গুৰুত্বপূৰ্ণ কথা যে কেইদিনমান আগতে কুতুব মিনাৰ কমপ্লেক্সৰ মছজিদত হিন্দু দেৱতাৰ পুনৰুদ্ধাৰ আৰু উপাসনাৰ অধিকাৰ বিচাৰি চাকেত আদালতত এখন আবেদন দাখিল কৰা হৈছিল। এই সন্দৰ্ভত ২৪ মে'ত আদালতত শুনানি হ'ব।

    আবেদনখনত দাবী কৰা হৈছিল যে মহম্মদ ঘোৰীৰ সেনাপতি কুতুবুদ্দিন এবাকে আংশিকভাৱে ২৭টা মন্দিৰ ভাঙি পেলাইছিল আৰু এই সামগ্ৰীৰ পৰা চৌহদত কুৱাত-উল-ইছলাম মছজিদ নিৰ্মাণ কৰিছিল।
    Published by:Gautam Barman
    First published: