কেইবা সপ্তাহ ধৰি কৰা আলোচনাৰ অন্তত মঙলবাৰে বিৰোধী দলসমূহে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential Elections)ৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা (Yashwant Sinha)। শাৰদ পাৱাৰ, গোপালকৃষ্ণ গান্ধী আৰু ফাৰুক আব্দুল্লাই দৌৰৰ পৰা আঁতৰি দিয়াৰ পিছতে সিনহাৰ নাম চুড়ান্ত কৰা হয়।
NCPৰ মুৰব্বী শৰদ পাৱাৰে কয়, ‘আমি ২৭ জুনত পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিম।‘
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এক ঐকমত্যপূৰ্ণ প্ৰাৰ্থীৰ সিদ্ধান্ত লোৱাৰ বাবে পাৱাৰে আহ্বান কৰা বৈঠকৰ বাবে আজি কংগ্ৰেছ, টিএমচি, সমাজবাদী পাৰ্টি (Congress, TMC, Samajwadi Party)কে ধৰি তেৰটা বিৰোধী দলে সংসদ ভৱনত বৈঠকত মিলিত হয় আৰু সিনহাৰ নামত একমত হয়।
সভাত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত আছিল কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু জয়ৰাম ৰমেশ, টিএমচিৰ অভিষেক বেনাৰ্জী, ডিএমকেৰ তিৰুচী শিৱ, চিপিআই-এমৰ সীতাৰাম য়েচুৰী, আৰু চিপিআইৰ ডি ৰাজা। পাঁচটা আঞ্চলিক দল - TRS, BJD. AAP, SAD, YSRCP আঁতৰি থাকিল বৈঠকৰ পৰা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ নেত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee)য়ে ১৫ জুনত আহ্বান কৰা বৈঠকৰ পৰাও এই দলবোৰ আঁতৰি আছিল।
এক বিবৃতি জাৰি কৰি বিৰোধীয়ে বিজেপি (BJP) আৰু মিত্ৰশক্তিক সিনহাক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে। বিৰোধীয়ে কয়, ‘আমি বিজেপি আৰু ইয়াৰ মিত্ৰশক্তিক আহ্বান জনাইছো যে তেওঁ যশৱন্ত সিনহাক ৰাষ্ট্ৰপতি হিচাপে সমৰ্থন কৰক যাতে আমি এজন যোগ্য ‘ৰাষ্ট্ৰপতি’ক বিনা প্ৰতিদ্বন্দ্বিতাকৈ নিৰ্বাচিত কৰিব পাৰোঁ।'
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীৰ ঐক্যমত প্ৰাৰ্থী হোৱাৰ বাবে মমতা বেনাৰ্জীয়ে সিনহাক অভিনন্দন জনাই তেওঁক “মহা সন্মান আৰু কুশল”ৰ ব্যক্তি বুলি অভিহিত কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|