অৰুণাচল প্ৰদেশত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনৰ সৈতে নতুনকৈ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰতীয় বায়ুসেনাই যুদ্ধৰ বাবে সাজু হোৱা পৰীক্ষাৰ বাবে উত্তৰ-পূব অঞ্চল সামৰি মেগা অনুশীলন আৰম্ভ কৰিছে।
ৰাফেল আৰু ছু-৩০এমকেআই বিমানকে ধৰি বায়ুসেনাৰ ফ্ৰণ্টলাইন যুঁজাৰু বিমান আৰু অঞ্চলটোত নিয়োজিত অন্যান্য সম্পত্তি ‘পুৰ্বী আকাশ’ নামৰ অনুশীলনত নিয়োজিত হৈছে।
“ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে আজিৰে পৰা বাৰ্ষিক কমাণ্ড পৰ্যায়ৰ অনুশীলন Ex- POORVI AKASH আৰম্ভ কৰিছে। কোভিড-১৯ মহামাৰীৰ বাবে দুবছৰৰ ব্যৱধানৰ পিছত পৰিচালিত এই অঞ্চলত যৌথ অনুশীলনকে ধৰি আকাশী অনুশীলনৰ নিয়মীয়া অনুশীলনৰ বাবে কমাণ্ডৰ সম্পত্তি সক্ৰিয়কৰণ জড়িত থাকিব।’- আই এ এফৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে টুইট কৰি এই তথ্য সাদৰি কৰিছে।
শিলচৰত মুখ্য কাৰ্যালয় থকা ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে এই অনুশীলন চলাই আছে।
যোৱা ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ ইয়াংচেত এল এ চিৰ কাষত দুয়োপক্ষৰ সৈন্যই সংঘৰ্ষত লিপ্ত হোৱাৰ পিছতে ভাৰত আৰু চীনৰ মাজত উত্তেজনা নতুনকৈ বৃদ্ধি পাইছে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৩ ডিচেম্বৰত সংসদত কয় যে চীনৰ সৈন্যই ইয়াংচে অঞ্চলৰ যথাৰ্থ অৱস্থা “একপক্ষীয়ভাৱে” সলনি কৰিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতীয় সেনাই নিজৰ দৃঢ় সহাঁৰি দি তেওঁলোকক পিছুৱাই যাবলৈ বাধ্য কৰাইছিল।
উত্তৰ-পূবৰ সকলো ফ্ৰণ্টলাইন এয়াৰ বেছ আৰু কিছুমান গুৰুত্বপূৰ্ণ এডভান্সড লেণ্ডিং গ্ৰাউণ্ড (এ এল জি) এই অনুশীলনত জড়িত হৈ আছে। পূব লাডাখৰ বিবাদৰ পিছত দুবছৰতকৈও অধিক সময় ধৰি অৰুণাচল প্ৰদেশ আৰু ছিকিম খণ্ডত চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনা আৰু আই এ এফে কাৰ্যকৰী প্ৰস্তুতিৰ ব্যৱস্থা চলাই আছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 31, 2023, 09:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|