লকডাউন উলংঘা! প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত ধুমধামেৰে বিয়া

News18 Assam | News18-Assam
Updated:April 17, 2020, 1:08 PM IST
লকডাউন উলংঘা! প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত ধুমধামেৰে বিয়া
কোৰোণা ভাইৰাছকলৈ ল’ৰা ধেমালি খোদ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ

কোৰোণা ভাইৰাছকলৈ ল’ৰা ধেমালি খোদ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ

  • Share this:
এতিয়া দেশত ল’ক ডাউন। কোৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ অহা ৩ মে’ লৈকে দেশত বৃদ্ধি কাৰ হৈছে ল’ক ডাউন । লগতে সকলোকে সামাজিক দুৰত্ব বজাই ৰাখিবলৈও দিয়া হৈছে নিৰ্দেশনা। কিন্তু তাৰ মাজতে ল’ক ডাউনলৈ বুঢ়া আঙুলি খোদ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰতে।



কোৰোণা ভাইৰাছকলৈ ল’ৰা ধেমালি খেলি বেংগালুৰুত বিবাহ পাশত আবদ্ধ হ’ল দেশৰ  প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ দি দেৱেগৌৰাৰ নাতি তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ দি কুমাৰস্বামীৰ পুত্ৰ আৰু  প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী এম কৃচনাপ্পাৰ জীয়ৰী।



চলিত বছৰৰ আৰম্ভণিতে ঠিক কৰা হৈছিল বিয়াৰ দিন। কিন্তু ল’ক ডাউনৰ বাবে বিবাহ খন  ফাৰ্ম হাউচতে আয়োজন কৰা হয়।। উপস্থিত থাকে ৫০ জন অতিথি।  এনেদৰে ল’ক ডাউনৰ সময়ত বিয়াখন হোৱাক লৈ  এইচ দি কুমাৰস্বামীয়ে কয় যে, ‘ক্ষমা কৰিব। বিয়াৰ বাবে সকলোকে নিমন্ত্ৰণ জনাব নোৱাৰিলো। সকলোৱে নতুন দম্পতিক আশীৰ্বাদ কৰিব। আগতেই বিয়াৰ দিন বাৰ ঠিক কৰাৰ বাবে আমি বাধ্য হ’লো। চৰকাৰী নিৰ্দেশাৱলী পালন কৰিয়েই বিয়া খন পাৰ কৰিলো।’

চাওক ভিডিঅ’

First published: April 17, 2020, 12:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading