• Home
  • »
  • News
  • »
  • nation
  • »
  • Meghalay Politics : মেঘালয়ত তৃণমূল কংগ্ৰেছেই হ'ব প্ৰধান বিৰোধী, কংগ্ৰেছৰ বেলি অস্ত যোৱাৰ পথত

Meghalay Politics : মেঘালয়ত তৃণমূল কংগ্ৰেছেই হ'ব প্ৰধান বিৰোধী, কংগ্ৰেছৰ বেলি অস্ত যোৱাৰ পথত

fle image

fle image

Meghalay Politics : ১৭জন বিধায়ক থকা কংগ্ৰেছ এতিয়া মেঘালয়ত ৫ জনলৈ নামি আহিল। আনহাতে ২০১৮ৰ নিৰ্বাচনত এখনো আসন জয় নকৰা TMC হৈ পৰিল ৰাজ্যখনৰ প্ৰধান বিৰোধী দল

  • Share this:
India News in Assamese  মেঘালয়ত (Meghalaya) এতিয়া কংগ্ৰেছ (Congress)ৰ বেলি অস্ত যোৱাৰ পথত। কাৰণ ১২জন মান কংগ্ৰেছ বিধায়কক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমা (Ex CM Mukul Sangma)ই যোগদান কৰিব তৃণমূল কংগ্ৰেছত। পিটিআইৰ খবৰ অনুসৰি মেঘালয়ৰ ১২জন কংগ্ৰেছ বিধায়কে TMCত যোগদান কৰিব।

আজি সংবাদমেলযোগে সমগ্ৰ বিষয়টো পৰিষ্কাৰ কৰিব মুকুল চাংমাই।  CNN-News18ৰ সৈতে হোৱা এক বাৰ্তালাপত মুকুল চাংমাই বুধবাৰে কয় যে সকলো কথা তেওঁ বৃহস্পতিবাৰে দিনৰ ১ বজাত এক সংবাদমেলযোগে স্পষ্ট কৰিব Latest News in Assamese ।

জানিব পৰা মতে ইতিমধ্যে ১১ গৰাকী কংগ্ৰেছ বিধায়কে বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোক পদত্যাগ পত্ৰ দাখিল কৰিছে। উল্লেখ্য যে দলত্যাগ কৰিবলগা বিধায়কৰ ভিতৰত ৮গৰাকী গাৰো হিলছ (Garo Hills)ৰ আৰু ৪ গৰাকী খাছী-জয়ন্তীয়া হিলছৰ বুলি জানিব পৰা গৈছে। মুকুল চাংমা নিজে গাৰো হিলছৰ বিধায়ক।

১৭জন বিধায়ক থকা কংগ্ৰেছ এতিয়া মেঘালয়ত ৫ জনলৈ নামি আহিল। আনহাতে ২০১৮ৰ নিৰ্বাচনত এখনো আসন জয় নকৰা TMC হৈ পৰিল ৰাজ্যখনৰ প্ৰধান বিৰোধী দল। খবৰ মতে বিগত কিছুদিন ধৰি কংগ্ৰেছ নেতৃত্বৰ সৈতে সংঘাত হৈ আছিল মুকুল চাংমাৰ। দলত প্ৰায় একাষৰীয়া কৰি পেলোৱা হৈছিল চাংমাক। যাৰ ফলত দল ত্যাগ কৰিবলৈ চাংমাই সিদ্ধান্ত লোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।
Published by:Manjumoni Borah
First published: