মন্দিৰত পূজা কৰি থাকোতেই ঢলি পৰিল মৃত্যুৰ কোলাত, CCTV ফুটেজত ধৰা পৰিল প্ৰাক্তন কংগ্ৰেছ বিধায়কৰ অন্তিম মুহূৰ্ত

News18 Assam | News18-Assam
Updated:November 17, 2020, 10:55 AM IST
মন্দিৰত পূজা কৰি থাকোতেই ঢলি পৰিল মৃত্যুৰ কোলাত, CCTV ফুটেজত ধৰা পৰিল প্ৰাক্তন কংগ্ৰেছ বিধায়কৰ অন্তিম মুহূৰ্ত
ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

  • News18 Assam
  • Last Updated: November 17, 2020, 10:55 AM IST
  • Share this:
মন্দিৰত পূজা কৰোতেই মৰ্মান্তিক মৃত্যু। ভগৱানৰ চৰণত উবুৰি খাই পৰি নিথৰ হৈ গ’ল শৰীৰ। দেখাত এনে লাগিল যেন জীৱনটোৱে অৰ্পণ কৰিলে ঈশ্বৰৰ চৰণত। মন্দিৰত পূজাৰ  মাজতে হাৰ্ট এটেক হৈ মৰ্মান্তিকভাৱে মৃত্যু হ’ল প্ৰাক্তন কংগ্ৰেছ বিধায়ক বিনোদ দাগাৰ। শেষ মুহূর্তৰ এই হৃদয় বিদাৰক ঘটনা সম্পূৰ্ণৰূপত ধৰা পৰিছে মন্দিৰৰ চিচিটিভিত।

ভগৱানৰ আৰাধনাৰ মাজতে নিঃশব্দে মৃত্যুক আকোৱালি লোৱাৰ কথা মানি ল’বলৈ টান পাইছে বহুতেই। যোৱা ১২ নৱেম্বৰত প্ৰতি দিনৰ অভ্যাসৰ দৰে মধ্য প্ৰদেশৰ বেতুলৰ জৈন দাদাৱাৰী অৰ্থাৎ জৈন মন্দিৰত পূজা কৰিবলৈ আহিছিল তেওঁ। মন্দিৰৰ মূল মূর্তিৰ সন্মুখত আৰতি কৰি থাকোতে অকস্মাৎ মূৰ ঘুৰাই ভগৱানৰ সিংহাসনৰ কাষত উবুৰি খাই পৰে বিনোদ দাগা। লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ উপ নিৰ্বাচনত বিনোদ দাগাৰ হাতত নিৰ্বাচনী দায়িত্ব দিছিল দলে। ঘটনাৰ দিনা পুৱাই ভূপালৰ পৰা বৈঠকত অংশ লৈ বেতুললৈ আহিছিল তেওঁ। তাৰ পিছত মন্দিৰত যাওঁতেই এই ঘটনা ঘটিল। এই অপ্ৰত্যাশিত ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে কংগ্ৰেছত। বিনোদ দাগাৰ মৃত্যুক দলৰ কাৰণে অপূৰণীয় ক্ষতি আখ্যা দিছে কংগ্ৰেছে।
First published: November 17, 2020, 10:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading