உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ৰঞ্জন গগৈ ৰাজ্যসভালৈ মনোনীত হোৱা দ্বিতীয় জন অসমীয়া, প্ৰথম জন কোন আছিল? মনোনীত হোৱাক লৈ কি ক’লে গগৈয়ে?

    ৰঞ্জন গগৈ ৰাজ্যসভালৈ মনোনীত হোৱা দ্বিতীয় জন অসমীয়া, প্ৰথম জন কোন আছিল? মনোনীত হোৱাক লৈ কি ক’লে গগৈয়ে?

    গগৈয়ে শপতগ্ৰহণৰ পিছত ৰাজ্যসভাৰ সদস্যপদ লোৱাৰ কথা বুজাব বুলি কয়।

    গগৈয়ে শপতগ্ৰহণৰ পিছত ৰাজ্যসভাৰ সদস্যপদ লোৱাৰ কথা বুজাব বুলি কয়।

    গগৈয়ে শপতগ্ৰহণৰ পিছত ৰাজ্যসভাৰ সদস্যপদ লোৱাৰ কথা বুজাব বুলি কয়।

    • Share this:
    দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভালৈ মনোনীত কৰাৰ লগে লগে আৰম্ভ হৈছে বিভিন্ন গুণা–গঁথা । দেশৰ মুখ্য ন্যায়াধীশৰ পদবীত অধিষ্ঠিত হোৱাৰ পাছত চৰকাৰৰ পৃষ্ঠপোষকতাত যঁচা আন এটা কম মৰ্যদাৰ পদবী ন্যায়াধীশ গগৈয়ে গ্ৰহণ কৰাটো সমীচিন হৈছেনে? ইয়াক লৈও আৰম্ভ হৈছে চৰ্চা । উল্লেখযোগ্য যে ৰাজ্যসভালৈ মনোনীত হোৱা ৰঞ্জন গগৈ হৈছে দ্বিতীয়জন অসমীয়া। ইয়াৰ পূৰ্বে ২০১২ চনত বিশিষ্ট শিক্ষাবিদ মৃণাল মিৰি মনোনীত হৈছিল ৰাজ্যসভালৈ।

    মনমোহন সিঙৰ চৰকাৰৰ সময়ত মনোনীত হোৱা মিৰি সেই চৰকাৰ খনৰ National Advisory Councilৰ সদস্যও আছিল। শেহতীয়াকৈ মিৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰা অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটিৰ এজন অন্যতম সদস্য ।

    দেশৰ ৰাষ্ট্ৰপতিয়ে সৰ্বমুঠ ১২ জন সদস্য ৰাজ্যসভালৈ মনোনীত কৰে। প্ৰধানকৈ সমাজৰ বিভিন্ন দিশত সুনাম অৰ্জন কৰা একো একোজন বিশেষ ব্যক্তিক এই সন্মান যঁচা হয় । সদস্য কেইগৰাকীয়ে তেওঁলোকৰ অসাধাৰণ বুদ্ধিমত্তাৰে উচ্চ সদনৰ মান উন্নত কৰাটোৱেই হৈছে উদ্দেশ্য । অভিনেতা পৃথ্বীৰাজ কাপুৰ, পদাৰ্থ বিজ্ঞানী সত্যেন্দ্ৰনাথ বোস, মালগুড়ি ডে’জ খ্যাত লেখক আৰ কে নাৰায়ণ, সংবাদিক কুলদ্বীপ নায়াৰ, কবি হৰিবংশ ৰায় বচ্চন, কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ আদিয়ে এসময়ত শুৱনি কৰিছিল ৰাজ্যসভা । অভিনেত্ৰী ৰেখা আৰু ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰো মনোনীত হৈ আহিছিল ৰাজ্যসভালৈ । আনহাতে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ উচ্চ সদনলৈ মনোনীত হৈ অহাৰ এইয়া প্ৰথম ঘটনা নহয় । ইয়াৰ আগেয়ে ১৯৯৮ চনত কংগ্ৰেছৰ শাসন কালত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰংগনাথ মিশ্ৰ ৰাজ্যসভালৈ মনোনীত হৈ আহিছিল । ১৯৯০ চনত দেশৰ মুখ্য ন্যায়াধীশ হোৱা ন্যায়াধীশ মিশ্ৰৰ জেষ্ঠ ভাতৃ লোকনাথ মিশ্ৰ অসমৰ ৰাজ্যপাল আছিল। ন্যায়াধীশ মিশ্ৰৰ ভতিজা ন্যায়াধীশ দীপক মিশ্ৰ ৰঞ্জন গগৈৰ আগৰ জন মুখ্য ন্যায়ধীশ আছিল । ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰূদ্ধেই কেতবোৰ অভিযোগ আনি ন্যায়াধীশ গগৈয়ে আন তিনিজন জেষ্ঠ ন্যায়াধীশৰে লগলাগি সেই অভূতপূৰ্ব সংবাদ মেল খন পাতিছিল ।
    উল্লেখযোগ্য যে কংগ্ৰেছ আমোলাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা আন এজন অসমীয়াকো ৰাজ্যসভালৈ নিৰ্বাচন কৰি অনা হৈছিল । ৰঙিয়াত জন্ম গ্ৰহণ কৰা ন্যায়াধীশ বাহাৰুল ইছলামে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদবীৰ পৰা পদত্যাগ কৰি কংগ্ৰেছৰ টিকেটত ৰাজ্যসভালৈ নিৰ্বাচিত হৈ আহিছিল ।
    শেহতীয়াকৈ কংগ্ৰেছ চৰকাৰৰ সময়ৰ মনোনীত সদস্য KTS Tulsi ৰ কাৰ্যকাল অন্ত পৰাৰ পাছত ন্যায়াধীশ ৰঞ্জন গগৈক মনোনীত কৰা হৈছে। কিন্তু বৰ্তমানৰ মনোনীত ১২ জন সদস্যৰ যদি তালিকা খন চোৱা যায় তাৰে ৯ জনেই শাসক দলৰ সদস্য । সদ্য মনোনীত ন্যায়ধীশ গগৈ, বক্সাৰ মেৰী কম আৰু অৰ্থনীতিবিদ নৰেন্দ্ৰ যাদৱ কোনো ৰাজনৈতিক দলৰ সদস্য নহয় ।
    ন্যায়াধীশ গগৈক ৰাজ্যসভালৈ প্ৰেৰণ কৰা কাৰ্যক সমালোচনাও কৰিছে বহু জনে । উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা বিকাশ সিঙে ৰঞ্জন গগৈক এই পদবী গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে। গগৈ যদি ৰাজ্যসভালৈ আহে তেন্তে ই ন্যায়পালিকাৰ গৰিমাত মোক্ষম আঘাত হানিব বুলিও মন্তব্য কৰে সিঙে ।
    ৰঞ্জন গগৈৰ একালৰ সতীৰ্থ ন্যায়াধীশ মদন লুকুৰ অৱশ্যে আচৰিত হোৱা নাই। তেওঁৰ মতে, ‘ন্যায়াধীশ গগৈয়ে অৱসৰৰ পাছত চৰকাৰে প্ৰদান কৰা পদবী গ্ৰহন কৰাৰ ইতিমধ্যে কথা প্ৰকাশ পাই আছিল, কিন্তু ভবা নাছিলো ই ইমান সোনকালে আহিব বুলি।’

    এনে কার্যই ভাৰতীয় ন্যায়পালিকাৰ স্বতন্ত্ৰতা আৰু নিৰপেক্ষতাৰ নতুন সংজ্ঞা নিৰূপণ কৰিছে বুলি মন্তব্য কৰি তেওঁ প্ৰশ্ন কৰে (ন্যায়পালিকাৰ) শেষ দুৰ্গৰ পতন ঘটিল নেকি ?
    প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাইও ৰঞ্জন গগৈক এই পদবী প্ৰত্যাখান কৰিবলৈ আহ্বান জনাইছে ।

    উল্লেখযোগ্য যে ন্যায়াধীশ গগৈ নিজে তেওঁৰ কাৰ্যকালত ন্যায়ধীশ সকলে অৱসৰৰ পাছত চৰকাৰী পদবী গ্ৰহণ কৰাৰ পক্ষপাতী নাছিল। এনে কৰা সকলক তেওঁ তীব্ৰ সমালোচনা কৰিছিল । আন নালাগে অৱসৰৰ কিছু দিনৰ আগত তেওঁ নতুন দিল্লীত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ এখন গ্ৰন্থ উন্মোচন কৰিবলৈ আহি নিজ ভাষণত অৱসৰৰ পাছত Public Life ত নাথাকে বুলিও ঘোষণা কৰিছিল । তেওঁ কৈছিল – এইয়াই বোধ হয় মোৰ শেষ ৰাজহুৱা ভাষণ ।

    ৰাজনৈতিক গৰম বাক বিতণ্ডাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰঞ্জন গগৈয়ে। সংবাদমাধ্যমৰ আগত গগৈয়ে কৈছে যে শপত গ্ৰহণৰ পিছত তেওঁ উত্তৰ দিব যে কি কাৰণে তেওঁ ৰাজ্যসভাৰ সদস্য পদ গ্ৰহণ কৰিলে। তেওঁ কয়, 'হয়তো মই কাইলৈ দিল্লীলৈ যাম, মোক শপত ল’বলৈ দিয়ক। তাৰ পিছত সংবাদমাধ্যমক বিস্তাৰিতভাৱে কম যে মই কিয় ৰাজ্যসভাৰ সদস্য পদ গ্ৰহণ কৰিলো।

    উল্লেখ্য যে, প্ৰাক্তন চিজেআই ৰঞ্জন গগৈয়ে দেশৰ শীৰ্ষ ন্যায়িক পদত ১৩মাহ কাৰ্যৰত হৈ আছিল। ৩ অক্টোবৰ, ২০১৮ত তেওঁ দেশৰ ৪৬সংখ্যক মুখ্য ন্যায়াধীশ হৈছিল। গগৈ ১৭ নৱেম্বৰ, ২০১৯ত অৱসৰপ্ৰাপ্ত হয়। বিগত বৰ্ষৰ ৯নৱেম্বৰত তেওঁ ৰাম মন্দিৰক লৈ ঐতিহাসিক ৰায় প্ৰদান কৰিছিল।

    তেওঁৰ কাৰ্যকালত বহু কেইটা গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰিছিল । তাৰে অন্যতম NRC ৰ গোচৰৰ শুনানি তেওঁ শেষ কৰিব নোৱাৰিলে । কিন্তু ৰাম মন্দিৰৰ গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰিছিল ।
    তেওঁৰ বিৰূদ্ধে এগৰাকী উচ্চতম ন্যায়ালয়ত কৰ্মৰত মহিলাই যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন কৰিছিল । পাছত ন্যায়াধীশৰ এখন তিনিজনীয়া কমিটিয়ে তেওঁক ক্লীন চিট প্ৰদান কৰে । অভিযোগ দিয়া যুৱতী গৰাকীক তৎক্ষণাত নিলম্বন কৰা হৈছিল যদিও ৰঞ্জন গগৈৰ অৱসৰৰ পাছত পুনৰ চাকৰিত যোগদানৰ অনুমতি প্ৰদান কৰা হয় ।
    Published by:Tulika Devi
    First published: