উচ্চতম ন্যায়ালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰাৰ পিছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আনকি দেশৰ ন্যায় ব্যৱস্থাকলৈও প্ৰশ্ন তুলিছে বিভিন্নজনে।
এইবাৰ ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে সমাজ কৰ্মী মধু কিশ্বৰে।
আবেদনত উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ সকলে অৱসৰৰ পাছত চৰকাৰী পদবী গ্ৰহণ কৰাৰ ক্ষেত্ৰতো স্থায়ী নিয়মাৱলী নিৰূপন বিচাৰিছে।
আনহাতে কাইলৈ ন্যায়াধীশ ৰঞ্জন গগৈয়ে শপত লোৱাৰ সম্ভাৱনা আছে । শপত গ্ৰহণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ কথা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|