‘বলাৎকাৰৰ সলনি বলাৎকাৰ!’ – টিভি শ্ব’ত প্ৰাক্তন সেনা বিষয়াৰ মন্তব্যক লৈ হুলস্থূল, চাওক VIDEO

News18-Assam
Updated:November 18, 2019, 11:20 AM IST
‘বলাৎকাৰৰ সলনি বলাৎকাৰ!’ – টিভি শ্ব’ত প্ৰাক্তন সেনা বিষয়াৰ মন্তব্যক লৈ হুলস্থূল, চাওক VIDEO
অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনৰ মন্তব্যক সমালোচনা কৰিছে বহু প্ৰাক্তন বিষয়াই।

অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনৰ মন্তব্যক সমালোচনা কৰিছে বহু প্ৰাক্তন বিষয়াই।

  • News18 Assam
  • Last Updated: November 18, 2019, 11:20 AM IST
  • Share this:
কাশ্মীৰী পণ্ডিতৰ ওপৰত হোৱা অত্যাচাৰক লৈ এটা টিভি শ্ব’ত ভাৰতীয় সেনাৰ এজন অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেলৰ মন্তব্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনৰ মন্তব্যক সমালোচনা কৰিছে বহু প্ৰাক্তন বিষয়াই।

এটা চেনেলত অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল এছ পি সিনহাই ‘মৃত্যুৰ সলনি মৃত্যু’ আৰু ‘বলাৎকাৰৰ সলনি বলাৎকাৰ’ বুলি মন্তব্য কৰে। এই মন্তব্যক লৈ টিভি শ্ব’টোত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

সিনহাৰ এই মন্তব্যৰ বাবে সেনাৰ প্ৰাক্তন বিষয়াও খৰ্গহস্ত হৈ পৰিছে। শ্ৰীনগৰস্থিত ১৫ ক’ৰৰ প্ৰাক্তন প্ৰধান লেফটেনেণ্ট ছৈয়দ অতা হাছনেনে টুইটাৰত লিখিছে যে সন্ত্ৰাসবাদবিৰোধী অভিযানত অন্তৰ্ভুক্ত হোৱা লোকে জানে যে এই সকলো কি আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যে ৰাজহুৱা মঞ্চত মন্তব্য নকৰা পাকিস্তানী সেনাৰ প্ৰণালী সঠিক। তেওঁ কয় যে এনেধৰণৰ মানুহৰ পৰা বাচি থকা প্ৰয়োজন।




আনহাতে, প্ৰাক্তন ডিজি তথা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল বিনোদ ভাটিয়াই সিনহাক সমালোচনা কৰি টুইটাৰযোগে এই মন্তব্যক অসংবেদনশীল আৰু দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি