உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • বলাৎকাৰৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰী এম মণিকান্দন

    বলাৎকাৰৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰী এম মণিকান্দন

    মণিকান্দনৰ বিৰুদ্ধে মালয়েছিয়াৰ এগৰাকী মহিলাই বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

    মণিকান্দনৰ বিৰুদ্ধে মালয়েছিয়াৰ এগৰাকী মহিলাই বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

    মণিকান্দনৰ বিৰুদ্ধে মালয়েছিয়াৰ এগৰাকী মহিলাই বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

    • Share this:
    তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰী ডাঃ এম মণিকান্দনক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। বিগত কিছুদিন ধৰি পলাতক হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। মণিকান্দনৰ বিৰুদ্ধে মালয়েছিয়াৰ এগৰাকী মহিলাই বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এ এন আই–এ তামিলনাডু আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, বুধবাৰে মাদ্ৰাছ হাইক’ৰ্টে তেওঁৰ অগ্ৰিম জামিন আবেদন খাৰিজ কৰে। ইয়াৰ পিছৰে পৰা তেওঁ পলাতক হৈ আছিল। হাই ক’ৰ্টে কয় যে তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে আৰু প্ৰমাণৰ খেলিমেলি কৰিব পাৰে। অভিযোগকাৰী অভিনেত্ৰীগৰাকী ভাৰতীয় মূলৰ মালয়েছিয়াৰ নাগৰিক।

    ডাঃ মণিকান্দনৰ ওপৰত প্ৰৱঞ্চনা, ব্লেকমেইলিং আৰু যৌন শোষণৰ অভিযোগ। মহিলাগৰাকীৰ মতে, ২০১৭ চনত মণিকান্দনৰ সৈতে সম্পৰ্ক আছিল তেওঁৰ। সেইমৰ্মে বিয়াৰ প্ৰলোভন দি মণিকান্দনে তেওঁক বলাৎকাৰ কৰে। অভিযোগ অনুসৰি, মণিকান্দনে মহিলাগৰাকীক বিয়াৰ প্ৰলোভন দিছিল যদিও পিছত সেয়া প্ৰত্যাখান কৰিছিল। ৩৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে মণিকান্দনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
    Published by:Sanjay Kumar Das
    First published: