• Home
  • »
  • News
  • »
  • nation
  • »
  • "EWS সংৰক্ষণ সঠিক, ই অনুসূচীত জাতি/ অনুসূচীত জনজাতিৰ অধিকাৰ হ্ৰাস নকৰে,,,":- উচ্চতম ন্যায়ালয়ক এই কথা জনালে কেন্দ্ৰই

"EWS সংৰক্ষণ সঠিক, ই অনুসূচীত জাতি/ অনুসূচীত জনজাতিৰ অধিকাৰ হ্ৰাস নকৰে,,,":- উচ্চতম ন্যায়ালয়ক এই কথা জনালে কেন্দ্ৰই

সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে সক্ষম ব্যৱস্থাৰ এক শৃংখলা স্থাপনৰ বাবে ১০৩ তম সংবিধান সংশোধনী অনা হৈছে।

সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে সক্ষম ব্যৱস্থাৰ এক শৃংখলা স্থাপনৰ বাবে ১০৩ তম সংবিধান সংশোধনী অনা হৈছে।

সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে সক্ষম ব্যৱস্থাৰ এক শৃংখলা স্থাপনৰ বাবে ১০৩ তম সংবিধান সংশোধনী অনা হৈছে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ (EWS) ১০ শতাংশ সংৰক্ষণৰ কথা কৈ উচ্চতম ন্যায়ালয়ত বৰ্তমান চলি থকা এই বিষয়টোক চৰকাৰে EWS সংৰক্ষণ শুদ্ধ বুলি উল্লেখ কৰিছে। এই সংক্ৰান্তত উচ্চতম ন্যায়ালয়ত চৰকাৰে কয় যে, EWS কোটা অনুসূচিত জাতি/অনুসূচিত জনজাতি বৰ্গৰ অধিকাৰক হ্ৰাস নকৰে। লগতে অনুসূচিত জাতি/অনুসূচিত জনজাতি শ্ৰেণীৰ সংৰক্ষণৰ লাভালাভেৰে ভৰি আছে বুলিও কয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইউইউ ললিত, ন্যায়াধীশ দিনেশ মহেশ্বৰী, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাক লৈ গঠিত এখন সংবিধান বিচাৰপীঠৰ সন্মুখত চৰকাৰৰ তৰফৰ পৰা এই দলিল উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰবোৰত বৰ্তমান শুনানি চলি আছে। এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এটৰ্ণি জেনেৰেল কে কে বেণুগোপালে ব্যক্ত কৰে যে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে সক্ষম ব্যৱস্থাৰ এক শৃংখলা স্থাপনৰ বাবে ১০৩ তম সংবিধান সংশোধনী অনা হৈছে।

অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অবিচিকে ধৰি পিছপৰা শ্ৰেণীবোৰৰ প্ৰত্যেকতে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী অন্তৰ্ভুক্ত থাকে। ইয়াৰোপৰিও, ফৰৱাৰ্ড শ্ৰেণী বা সাধাৰণ শ্ৰেণীবোৰতো অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী অন্তৰ্ভুক্ত থাকে, যিসকল অত্যন্ত দৰিদ্ৰ। উক্ত সংশোধনীৰ জৰিয়তে যিসকল লোকে বিদ্যমান সংৰক্ষণৰ অধীনত কোনো লাভ পোৱা নাই দেশখনে সেই আর্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক ইতিবাচক পদক্ষেপ প্ৰদান কৰিছে। এই সংশোধন তেতিয়ালৈ গ্ৰহণ কৰা নহয়, যেতিয়ালৈকে চৰকাৰে এই সংশোধনীয়ে তেওঁলোকক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰাটো নেদেখুৱায়। সাধাৰণ শ্ৰেণীত এটা শাখা আছে যি অত্যন্ত দৰিদ্ৰ, অৰ্থাৎ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী। তামিলনাডুত, মুঠ সংৰক্ষণ হৈছে ৬৯ শতাংশ।

ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ মুঠ জনসংখ্যা হৈছে ২৫ শতাংশ। মুঠ জনসংখ্যাৰ ১৮.২ শতাংশ সাধাৰণ শ্ৰেণীৰ লোক অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীত অন্তৰ্ভুক্ত। অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণে সৰ্বাধিক ৫০ শতাংশ সীমা প্ৰভাৱিত নকৰে। মন কৰিবলগীয়া যে, পিছপৰা শ্ৰেণীক দিয়া সংৰক্ষণৰ পৰা ১০ শতাংশ সংৰক্ষণ সম্পূৰ্ণৰূপে স্বতন্ত্ৰ। ইয়ে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচিৰ অধিকাৰ উলংঘা নকৰে। ই ৫০ শতাংশৰ পৰা স্বতন্ত্ৰ। এছচি/এছটিক পদোন্নতিৰ জৰিয়তে এক বিশেষ ব্যৱস্থা প্ৰদান কৰা হৈছে আৰু তেওঁলোকক পঞ্চায়ত, পৌৰসভা, লোকসভা, বিধানসভাত সংৰক্ষণ দিয়া হৈছে।
Published by:Sehnaz Begum
First published: