এদিনীয়া এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী। তেওঁ জনায় যে, জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ সৈতে তেওঁ আলচ কৰি শীঘ্ৰেই একাধিক প্ৰজেক্ট আৰম্ভ কৰিব জল সংৰক্ষণৰ বাবে।
উল্লেখযোগ্য যে এইবছৰ দেশত তীব্ৰ জল সংকটে দেখা দিছে। প্ৰায় ৬০কোটি মানুহ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত। নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি প্ৰদূষিত পানীৰ কাৰণে মৃত্যু হৈছে কমেও দুই লাখ মানুহৰ।