প্ৰতি চাৰিজনৰ ভিতৰত এজন ভাৰতীয়ই সুৰাপান কৰি মাৰপিট কৰে, ‘লোকেল মদ’ প্ৰথম পচন্দ!

News18 Assam | News18-Assam
Updated:December 28, 2019, 2:48 PM IST
প্ৰতি চাৰিজনৰ ভিতৰত এজন ভাৰতীয়ই সুৰাপান কৰি মাৰপিট কৰে, ‘লোকেল মদ’ প্ৰথম পচন্দ!
প্ৰতি পঞ্চমজন সুৰাপায়ীয়ে  দিনৰ পৰিৱৰ্তে ৰাতি সুৰাপান কৰি উৎপাত কৰে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে দেশজোৰা জৰীপৰ পিছত দিছে এই তথ্য।

প্ৰতি পঞ্চমজন সুৰাপায়ীয়ে  দিনৰ পৰিৱৰ্তে ৰাতি সুৰাপান কৰি উৎপাত কৰে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে দেশজোৰা জৰীপৰ পিছত দিছে এই তথ্য।

  • Share this:
সুৰাপান কৰা লোকৰ সংখ্যা আমাৰ দেশত কম নহয়। ১৮–৪৯বছৰৰ ভিতৰত যিসকল লোকে সুৰাপান কৰে তেওঁলোকৰ মাজত হুলস্থুল কৰাৰ মানসিকতা অতি বেছি। প্ৰতি পঞ্চমজন সুৰাপায়ীয়ে  দিনৰ পৰিৱৰ্তে ৰাতি সুৰাপান কৰি উৎপাত কৰে। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে দেশজোৰা জৰীপৰ পিছত দিছে এই তথ্য।

২৭.৩০শতাংশ পুৰুষ আৰু ১.৬০ শতাংশ মহিলাই মদ্যপান কৰে। অৱশ্যে পুৰুষৰ তুলনাত মহিলাসকলে মদ্যপান কৰি অধিক নিয়ন্ত্ৰিত আচৰণ কৰে।

মদ খাই ৰাজপথত হুলস্থুল কৰা অতি সাধাৰণ ঘটনা হৈ পৰিছে। ভাৰতত মদ্যপান কৰা প্ৰতি চতুৰ্থজন ব্যক্তিয়ে মদ্যপান প্ৰক্ৰিয়া কাজিয়া–পেচাল আৰু মাৰপিটেৰে সমাপ্ত কৰে। কেৱল ইমানেই নহয় প্ৰতি দ্বিতীয়জন ভাৰতীয়ই এবাৰ মদ খাবলৈ পালে কমেও চাৰিটা ড্ৰিংক লয়।

এনে ধৰনৰ ব্যৱহাৰ কৰাসকলক ‘হেভী এপিছ’ডিক ড্ৰিংকিং’ অৰ্থাৎ বহুত বেছি সুৰাপান কৰা বুলি গণ্য কৰা হয়। আপুনি জানি আচৰিত হ’ব যে ভাৰতত সুৰাপান কৰা ৪৩শতাংশ লোক এই কেটেগৰীত পৰে।

ভাৰতীয়ৰ প্ৰথম পচন্দ ‘লোকেল মদ’

ভাৰতত দেশী মদ আৰু IMFL (ভাৰতত নিৰ্মিত বিদেশী সুৰা)ৰ ব্যৱহাৰ সকলোতকৈ বেছি। মদ্যপান কৰি প্ৰতি তৃতীয়জন ভাৰতীয়ই এই উৎপাদিত সুৰা ভাল পায়। ৱাইন খোৱা লোকৰ সংখ্যা মাত্ৰ ৪শতাংশ আনহাতে বিয়েৰ খোৱা লোকৰ সংখ্য ২১শতাংশ। ইয়াৰে ১২শতাংশই ষ্ট্ৰং আৰু ৯শতাংশই লাইট বিয়েৰ পচন্দ কৰে।

মদ্যপান কৰা লোকৰ সৰ্বেক্ষণৰ সময়ত এটা কথা পোহৰলৈ আহিছে যে এনেকুৱা লোকো আছে যিসকলে বহুবেছি পৰিমাণৰ সুৰাপান কৰে। কেৱল ইমানেই নহয় তেওঁলোকে মদ্যপান কৰোতে পানী মিহলাবলৈও টান পায়।

কিমান শতাংশ ভাৰতীয়ই কৰে মদ্যপান?

ভাৰতত সুৰাপান কৰা লোকৰ সংখ্যা ১৪.৬০শতাংশ। মদ্যপান কৰা লোকৰ বয়স ১০–৭৫বছৰ। মুঠ জনসংখ্যাৰ ১৬কোটি লোকে মদ্যপান কৰে । ইয়াত সকলো শ্ৰেণীৰ লোক আছে।

সুৰাপান কৰাসকলৰ ১৬কোটিৰ ভিতৰত ৯৫শতাংশ পুৰুষ আৰু বয়সৰ সীমা ১৮–৪৯বছৰ।

সেইদৰে লিংগভিত্তিক অনুপাতলৈ লক্ষ্য কৰিলে প্ৰতি ১৭জন পুৰুষৰ বিপৰীতে এগৰাকী মহিলাই সুৰাপান কৰে। সুৰাপান কৰাৰ ক্ষেত্ৰত পুৰুষতকৈ অধিক নিয়ন্ত্ৰিত মহিলা।

প্ৰতিবেদন অনুসৰি সুৰাপানৰ প্ৰচলন ২৭.৩০শতাংশ লোকৰ মাজত আছে। মহিলাৰ মাজত এয়া শতকৰা ১.৬০শতাংশ।

মহিলাসকলে মদ্যপান কৰাৰ ক্ষেত্ৰত অধিক সংযমী অৰ্থাৎ তেওঁলোকে নিজৰ সীমা জানে। পুৰুষসকলে এইক্ষেত্ৰত বেপৰোৱা আৰু মদ্যপান কৰাৰ পিছত তেওঁলোক সাধাৰণতে হিংস্ৰ হৈ উঠে। প্ৰতিবেদনত প্ৰকাশ কৰা মতে মদ্যপান কৰা প্ৰতি পঞ্চমজন লোক এলক’হলিক অৰ্থাৎ সুৰাসক্ত। আনহাতে মদ্যপান কৰা প্ৰতি ১৬গৰাকী মহিলাৰ এগৰাকী সুৰাসক্ত।

কোন ৰাজ্যৰ লোক অধিক সুৰাপায়ী?

১০খন এনে ৰাজ্য আছে য’ত ২০শতাংশতকৈ অধিক লোকে মদ্যপান কৰে। ছত্তীশগঢ়, ত্ৰিপুৰা, পঞ্জাৱ, অৰুণাচল প্ৰদেশ আৰু গোৱাত যথেষ্ট পৰিমাণৰ সুৰাপান হয়। বিহাৰ আৰু গুজৰাটত সুৰা নিষিদ্ধ আৰু এইদুখন ৰাজ্য বাদ দিলে ৰাজস্থান আৰু মেঘালয়ত সুৰাপান কৰা লোকৰ সংখ্যা সকলোতকৈ কম। ৰাজস্থানত ২.১শতাংশ আৰু মেঘালয়ত ৩.৪শতাংশ লোকে সুৰাপান কৰে।

আপুনি জানি আচৰিত হ’ব যে ত্ৰিপুৰাত ৬২শতাংশ লোকে মদ্যপান কৰে। সেইদৰে ছত্তীশগঢ়ত ৫৭.২শতাংশ লোকে আৰু পঞ্জাৱত ৫১.৭০শতাংশ লোকে মদ্যপান কৰে।

মুঠতে ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত ৩০শতাংশ সুৰাপান কৰা হয়।

একেদৰে অৰুণাচল প্ৰদেশ আৰু ছত্তীশগঢ়ত ক্ৰমানুসাৰে ১৫.৬০শতাংশ আৰু ১৩.৭০শতাংশ লোকে মদ্যপান কৰে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি