• Home
  • »
  • News
  • »
  • nation
  • »
  • মধুচন্দ্ৰিকাৰ নিশাই বন্ধুৰ সৈতে কইনাক দলবদ্ধ বলাৎকাৰ দৰাৰ, কইনাই ক’লে – নিচাজাতীয় ঔষধ খুৱাই কৰিছিল সংজ্ঞাহীন

মধুচন্দ্ৰিকাৰ নিশাই বন্ধুৰ সৈতে কইনাক দলবদ্ধ বলাৎকাৰ দৰাৰ, কইনাই ক’লে – নিচাজাতীয় ঔষধ খুৱাই কৰিছিল সংজ্ঞাহীন

প্ৰতীকী ফটো

প্ৰতীকী ফটো

মহিলাগৰাকীয়ে স্বামীৰ লগতে তেওঁৰ দুই অচিনাকী বন্ধুৰ বিৰুদ্ধে দলবদ্ধ বলাৎকাৰৰ অভিযোগ তুলিছে।

  • Share this:
উত্তৰ প্ৰদেশৰ ইটাৱা (Etawah)ত মধুচন্দ্ৰিকাৰ নিশাই এগৰাকী ন–কইনাক বন্ধুৰ সৈতে দৰাই দলবদ্ধ বলাৎকাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা ইটাৱা জিলাৰ চৌবিয়া অঞ্চলৰ পৰোলি ৰমায়ন গাঁৱত সংঘটিত হৈছে।

ভুক্তভোগী কইনাক হাস্পতালত ভৰ্তি কৰোৱা হয়। ভুক্তভোগী মহিলাগৰাকীৰ পিতৃগৃহৰ ফালৰ পৰা দৰা আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে দলবদ্ধ বলাৎকাৰৰ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

মহিলাগৰাকীয়ে স্বামীৰ লগতে তেওঁৰ দুই অচিনাকী বন্ধুৰ বিৰুদ্ধে দলবদ্ধ বলাৎকাৰৰ অভিযোগ তুলিছে। আৰক্ষীয়ে হাস্পতালত উপস্থিত হৈ মহিলাগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে। ভাষ্য গ্ৰহণৰ পিছত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ ফালৰ পৰা দিয়া অভিযোগৰ ভিত্তিত চৌবিয়া থানাত দৰা আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
নৱ বিবাহিতা যুৱতীগৰাকীৰ মাতৃয়ে কয় যে জীয়ৰীক বিদায় দিয়াৰ দিনাই জোঁৱায়েকে বন্ধুৰ সৈতে মিলি কন্যাক নিচাযুক্ত ঔষধ খুৱাই দলবদ্ধ বলাৎকাৰ কৰিছে। যাৰ ফলত কন্যাৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: