সূত্ৰ মতে, ইতিমধ্যে শেষ পৰ্যায়ত প্ৰাৰম্ভিক কাম কাজ।
সূত্ৰ মতে, ইতিমধ্যে শেষ পৰ্যায়ত প্ৰাৰম্ভিক কাম কাজ।
আধাৰ কাৰ্ডৰ দৰে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন হ’ব ডিজিটেল। নিৰ্বাচন আয়োগৰ পৰা চূড়ান্ত সিদ্ধান্ত আহিলেই, আপুনি ডাউনলোড কৰিব পাৰিব ফটোযুক্ত ভোটাৰ আই ডি কাৰ্ড। লগতে ভোটাৰে ব্যৱহাৰ কৰিবলগীয়া ডিজিটেল সংস্কৰণ।ভাৰতীয় নিৰ্বাচনী আয়োগৰ ফালৰ পৰা News18ক জনোৱা মতে, প’ল পেনেল সম্পূৰ্ণ সাজু, আয়োগৰ পৰা নিৰ্দেশ আহিলেই , ভোটাৰক এই নতুন ফেচিলিটী আগবঢ়াব।
News18ৰ হাতত আহি পৰা খবৰ মতে,সকলো দিশ চালি জাৰি চাই নিৰ্বাচন আয়োগে এই দিশত মঞ্জুৰি প্ৰদান কৰিব। ডিজিটেল কাৰ্ডত বহুকেইটা ব্যতিক্ৰমী বৈশিষ্টও থাকিব বুলি জানিব পৰা গৈছে।
পৰিকল্পনা অনুসৰি, ডিজিটেল ভোটাৰ কাৰ্ডত দুটা QR codes থাকিব। যাৰ জৰিয়তে ভোটাৰৰ সম্পূৰ্ণ পৰিচয় জানিব পৰা যাব। এটা QR codeত ভোটাৰৰ নাম আৰু অন্যান্য প্ৰয়োজনীয় তথ্য, আনহাতে আনটো QR codeত ভোটাৰৰ পৰিচয় থাকিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|