লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ কাৰণে এটা বেয়া খবৰ! হ্ৰাস পাব পাবলগীয়া টকা!

News18 Assam | News18-Assam
Updated:January 20, 2020, 5:58 PM IST
লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ কাৰণে এটা বেয়া খবৰ! হ্ৰাস পাব পাবলগীয়া টকা!
কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে পিএফৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। এই সিদ্ধান্ত মতে পিএফৰ সুতৰ হাৰ কম হ’ব পাৰে।

কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে পিএফৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। এই সিদ্ধান্ত মতে পিএফৰ সুতৰ হাৰ কম হ’ব পাৰে।

  • Share this:
কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন ইপিএফঅ’–এ পিএফৰ সুতৰ হাৰ ৮.৬৫শতাংশৰ পৰা হ্ৰাস কৰিব পাৰে। ইপিএফঅ’ ১৫ৰ পৰা ২৫আধাৰ এককলৈ সুতৰ হাৰ কম কৰাৰ সম্ভাৱনা আছে। যদিহে এনেকুৱা হয় তেনেহ’লে ইয়াৰ পোণপটীয়া প্ৰভাৱ পৰিব ইপিএফঅ’ৰ ৮কোটিৰো অধিক অংশীদাৰী লোকৰ ওপৰত। চাকৰিজীৱি লোকৰ কাৰণে পিএফেই হৈছে ভৱিষ্যৎৰ সুৰক্ষাৰ একমাত্ৰ মাধ্যম আৰু সুতৰ হাৰ কম হ’লে তেওঁলোক পোনে পোনে প্ৰভাৱিত হ’ব।

নিউজ এজেন্সী মিণ্টৰ মতে, বিত্ত মন্ত্ৰালয়ে এই কথাত গুৰুত্ব দিছে যে পি এফৰ ওপৰত অধিক ৰিটাৰ্ণ দিলে বেংকে আকৰ্ষণীয় সুতৰ হাৰ দিয়া সম্ভৱ নহ’ব আৰু ইয়াৰ পোণপটীয়া প্ৰভাৱ অৰ্থব্যৱস্থাৰ ওপৰত পৰিব।

প্ৰতিবেদনত কোৱা হৈছে যে, ২০১৮–১৯ত সেৱানিবৃত্তি নিধি প্ৰৱন্ধকে বিত্ত মন্ত্ৰালয়ৰ সৈতে সাতমহীয়া আলোচনাৰ অন্তত গ্ৰাহকৰ কাৰণে ৮.৬৫শতাংশ হাৰ নিৰ্ধাৰণ কৰিছিল।

প্ৰতিবেদন মতে, বেংকে যুক্তি দিছিল যে, পিএফৰ দৰে ক্ষুদ্ৰ সঞ্চয় আঁচনি আৰু ইপিএফঅ’ই উচ্চ হাৰৰ সুত দিয়াৰ কাৰণে মানুহে তেওঁলোকৰ ওচৰত টকা জমা ৰাখিব নিবিচাৰিব। ইয়াৰ ফলত তেওঁলোকে ফাণ্ড গোটোৱাত সমস্যাৰ সন্মুখীন হ’ব।
Published by: Tulika Devi
First published: January 20, 2020, 5:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি