உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ভৱিষ্যতৰ উদ্যোগপতিৰ বাবে সুযোগৰ ছুনামিয়ে অপেক্ষা কৰিছে ভাৰততঃ মুকেশ আম্বানী

    ভৱিষ্যতৰ উদ্যোগপতিৰ বাবে সুযোগৰ ছুনামিয়ে অপেক্ষা কৰিছে ভাৰততঃ মুকেশ আম্বানী

    মুকেশ আম্বানীয়ে কৈছে যে, ভাৰতৰ উদ্যোগপতিয়ে এতিয়া বিশ্বমানৰ পণ্য উৎপাদন কৰিবলৈ সক্ষম।

    মুকেশ আম্বানীয়ে কৈছে যে, ভাৰতৰ উদ্যোগপতিয়ে এতিয়া বিশ্বমানৰ পণ্য উৎপাদন কৰিবলৈ সক্ষম।

    মুকেশ আম্বানীয়ে কৈছে যে, ভাৰতৰ উদ্যোগপতিয়ে এতিয়া বিশ্বমানৰ পণ্য উৎপাদন কৰিবলৈ সক্ষম।

    • Share this:
    ভৱিষ্যতৰ উদ্যোগপতিৰ বাবে সুযোগৰ ছুনামিয়ে অপেক্ষা কৰিছে ভাৰতত। Entrepreneur of the Year (2020)-ৰ ভাৰ্চুৱেল পুৰষ্কাৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ চিএমডি মুকেশ আম্বানীয়ে।

    ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ চিএমডি মুকেশ আম্বানীয়ে বিজয়ী উদ্যোগপতিসকলক শুভেচ্ছা জনাই কয় যে, 'বেচৰকাৰী ক্ষেত্ৰৰ বাবে ভাৰতত এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত এক অসাধাৰণ ভূমিকা পালন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্বিতীয়তে, আমাৰ অৰ্থনীতিক সলনি কৰি পেলাবলৈ আমি উদ্ভাৱনী প্ৰযুক্তিৰ সহায় ল'ব পাৰো। সৰু. ডাঙৰ সকলো কামেই ১৩০ কোটি দেশবাসীৰ চাহিদা আৰু প্ৰত্যাশা পূৰণৰ সুযোগহৈ আহিব পাৰে।'

    আম্বানীয়ে লগতে কয় যে, 'শক্তি, স্বাস্থ্য, সেৱা, শিক্ষা, লাইফ চাইন্সৰ লগতে কৃষি, শিল্পকৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিব পৰা এই সমূহে ভৱিষ্যত ভাৰতত আটাইতকৈ বেছি সুযোগ আছে।' মুকেশ আম্বানীয়ে লগতে কয় যে, 'ভাৰতৰ উদ্যোগপতিয়ে ইমান কম সুবিধাৰ মাজতো বিশ্বমানৰ পণ্য উৎপাদন কৰিবলৈ সক্ষম। সমগ্ৰ বিশ্বৰ বজাৰ ভাৰতীয় উদ্যোগপতিৰ বাবে মুকলি হ'ব।'
    Published by:Himangshu Bhuyan
    First published: