ছিকিমৰ ৰাজনীতিত ধুমুহা, SDFৰ ১০ গৰাকী বিধায়কৰ বিজেপিত যোগদান

News18-Assam
Updated:August 13, 2019, 1:29 PM IST
ছিকিমৰ ৰাজনীতিত ধুমুহা, SDFৰ ১০ গৰাকী বিধায়কৰ বিজেপিত যোগদান
ৰাজ্যখনত একেৰাহে ২৫ বছৰ ধৰি শাসন কৰিছিল ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে।

ৰাজ্যখনত একেৰাহে ২৫ বছৰ ধৰি শাসন কৰিছিল ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে।

  • Share this:
ছিকিমত নিশ্চিহ্ন হোৱাৰ দিশে ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট। দলটোৰ ১০জন বিধায়কে যোগদান কৰিলে বিজেপি দলত। বিজেপি নেতা ৰাম মাধৱৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰে SDFৰ বিধায়কসকলে। বিজেপিলৈ নাযায় কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিং। ছিকিমত SDFৰ আছে মুঠ ১৫গৰাকী বিধায়ক। বাকী কেইজনেও শীঘ্ৰে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ৰাজ্যখনত একেৰাহে ২৫ বছৰ ধৰি শাসন কৰিছিল ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে। বিগত বিধানসভা নিৰ্বাচনত চৰকাৰ গঠনত ব্যৰ্থ হয় পৱন চামলিং নেতৃত্বাধীন দলটো। সুদীৰ্ঘ ২৫ বছৰৰ মূৰত SDFক ওফৰাই শাসনৰ গাদীত বহে ছিকিম ক্ৰান্তিকাৰী মৰ্চাই।
আৰু চাওক পৰৱৰ্তী বাতৰি