২৫ বছৰে শাসন চলোৱা চামলিং আজি অকলশৰীয়া, বিজেপিত যোগদান SDFৰ সকলো বিধায়কৰ

News18-Assam
Updated:August 13, 2019, 1:35 PM IST
২৫ বছৰে শাসন চলোৱা চামলিং আজি অকলশৰীয়া, বিজেপিত যোগদান SDFৰ সকলো বিধায়কৰ
মুঠ ১৫ গৰাকী বিধায়কৰ ভিতৰত পৱন চামলিঙৰ বাদে আন আটাইকেইগৰাকীয়ে যোগ দিলে বিজেপি দলত।

মুঠ ১৫ গৰাকী বিধায়কৰ ভিতৰত পৱন চামলিঙৰ বাদে আন আটাইকেইগৰাকীয়ে যোগ দিলে বিজেপি দলত।

  • Share this:
২৫ বছৰে শাসন চলোৱা ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিং আজি অকলশৰীয়া। এজন দুজন নহয়, আজি পৱন চামলিঙৰ সংগ এৰি বিজেপিত যোগদান কৰিলে ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ ১৪ গৰাকী বিধায়কে। বিজেপি নেতা ৰাম মাধৱৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰে SDFৰ বিধায়কসকলে। মুঠ ১৫ গৰাকী বিধায়কৰ ভিতৰত পৱন চামলিঙৰ বাদে আন আটাইকেইগৰাকীয়ে যোগ দিলে বিজেপি দলত। উল্লেখযোগ্য যে ৰাজ্যখনত একেৰাহে ২৫ বছৰ ধৰি শাসন কৰিছিল ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে।

বিগত বিধানসভা নিৰ্বাচনত চৰকাৰ গঠনত ব্যৰ্থ হৈছিল পৱন চামলিং নেতৃত্বাধীন ছিকিম ডেম’ক্ৰেটিক দল। সুদীৰ্ঘ ২৫ বছৰৰ মূৰত SDFক ওফৰাই শাসনৰ গাদীত বহিছিল ছিকিম ক্ৰান্তিকাৰী মৰ্চা।

বিজেপিত যোগদান কৰা SDFৰ বিধায়কসকল


৩২খন আসনযুক্ত ছিকিম বিধানসভা নিৰ্বাচনত ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল চামলিং বাহিনী। ৰাজ্যখনত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ১৭খন আসন দখল কৰাৰ বিপৰীতে ছিকিম ডেম’ক্ৰেটিক মৰ্চাই লাভ কৰিছিল ১৫খন আসন। একক সংখ্যাগৰিষ্ঠাৰে ছিকিমত চৰকাৰ গঠন কৰিছিল ছিকিম ক্ৰান্তিকাৰী মৰ্চাই।
আৰু চাওক পৰৱৰ্তী বাতৰি