মৰ্মন্তুদ! এটা ৰোগে ১৫ দিনত শেষ কৰিলে এটা পৰিয়াল, বাচি থাকিলগৈ মাত্ৰ এটি নৱজাতক

এজন এজনকৈ মৃত্যুমুখত পৰিল পৰিয়ালটোৰ ৪জনকৈ সদস্য।

News18-Assam
Updated:October 31, 2019, 4:10 PM IST
মৰ্মন্তুদ! এটা ৰোগে ১৫ দিনত শেষ কৰিলে এটা পৰিয়াল, বাচি থাকিলগৈ মাত্ৰ এটি নৱজাতক
Photo : aajtak.intoday.in
News18-Assam
Updated: October 31, 2019, 4:10 PM IST
পৃথিৱীৰ পোহৰ দেখা মাত্ৰ তিনিদিনহে হৈছে। মাতৃৰ বুকুৰ উম নোপোৱাকৈয়ে ঘাতমাউৰা হ’ল এটি নৱজাতক। কেৱল পিতৃ–মাতৃয়ে নহয়, মৃত্যু হ’ল দেৱশিশুটিৰ আজোককাক আৰু জ্যেষ্ঠ ভগ্নীৰো। কেৱল ১৫ দিনৰ ভিতৰত ডেংগুৱে নিঃশেষ কৰি পেলালে এই পৰিয়ালটোক। এজন এজনকৈ মৃত্যুমুখত পৰিল পৰিয়ালটোৰ ৪জনকৈ সদস্য। ঘটনাটো তেলেংগানাৰ।

তেলেংগানাৰ মনচেয়িৰয়ল জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। বুধবাৰে পৰিয়ালটোৰ ২৮ বছৰীয়া মহিলাগৰাকীয়ে এটি সন্তান জন্ম দিয়াৰ পিছতে হাস্পতালত মৃত্যু হয়। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে ঘাতমাউৰা দেৱশিশুটি।

প্ৰথমে শিশুটিৰ পিতৃ আক্ৰান্ত হৈছিল ডেংগুত। ডেংগু বুলি ধৰা পৰাৰ পিছতে লোকজনে কৰিমনগৰস্থিত এখন হাস্পতালত ভৰ্তি হয়। ১৬ অক্টোবৰত হাস্পতালতে মৃত্যু হয় লোকজনৰ। তাৰ পিছতে তেওঁৰ ৭০ বছৰীয়া ককাক আক্ৰান্ত হয় এই ৰোগত। ২০ অক্টোবৰত মৃত্যু হয় বৃদ্ধজনৰ।

তাৰ পিছতে ডেংগুত আক্ৰান্ত হয় পৰিয়ালটোৰ ৬ বছৰীয়া কন্যাৰ। চিকিৎসাধীন অৱস্থাত দীপাৱলীৰ দিনা অৰ্থাৎ ২৭ অক্টোবৰত মৃত্যু হয় শিশুটিৰ।

তাৰ পিছতে এই ভয়ংকৰ ৰোগবিধত আক্ৰান্ত হয় বৰ্তমান চিকিৎসাধীন দেৱশিশুটিৰ মাতৃ। এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মহিলাগৰাকীয়ে জন্ম দিয়ে এটি সন্তান। শিশুটিৰ জন্মৰ ৩দিন পিছত ৩০ অক্টোবৰত মৃত্যু হয় মহিলাগৰাকীৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি