ৰামচন্দ্ৰৰ দেশ অযোধ্যাই ১৮ লাখ বন্তি প্ৰজ্বলন কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰৱেশ কৰিলে! হয়, ঠিকেই শুনিছে! সৰযু নদীৰ পাৰত দীপাৱলী উদযাপন কৰা হৈছিল। ১৯ হাজাৰ স্বেচ্ছাসেৱকে অনুষ্ঠানটো সফল কৰাত সহায় কৰে। ৩৭ টা ঘাটত মুঠ ১৭ লাখ মাটিৰ চাকি প্ৰজ্জ্বলন কৰা হয়।
গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত ৫ মিনিট বা তাতোকৈ অধিক সময় জ্বলিব পৰা বন্তিবোৰহে বিবেচনা কৰা হৈছিল। লগতে বিশ্ব অভিলেখ সংস্থাৰ নিৰ্দেশনা অনুসৰি ৪০ মিনিটৰ সময়সীমাৰ ভিতৰত বন্তিবোৰ জ্বলাই দিয়া হৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এই উৎসৱ। ১৮ লাখ বন্তিৰ আলোকেৰে জিলিকি উঠিল সৰযুৰ ঘাট। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। অনুষ্ঠানত ৰাজ্যপালো উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পূজা আৰু প্ৰাৰ্থনাত নিমগ্ন হৈ আছিল। সৰযু নৈৰ পাৰত বিশেষ আৰতি, মিউজিকেল লেজাৰ শ্ব’, লাখ লাখ বন্তি আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটো আৰু অধিক আলোকিত কৰি তুলিছিল।
প্ৰসংগক্ৰমে, অযোধ্যাত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰত পূজা কৰিছিল। ২ বছৰতকৈও অধিক সময়ৰ পিছত তেওঁ অযোধ্যালৈ গৈছিল। আৰতিতো অংশগ্ৰহণ কৰিছিল। দীপাৱলী উপলক্ষে অযোধ্যা চহৰ আলোকিত হৈ পৰিছিল। মোদীক আদৰিবলৈ ৰাইজৰ ভিৰ আৰু নিৰাপত্তাৰ অভাৱ নাছিল।
Published by: Subham Goswami
FIRST PUBLISHED : October 28, 2022, 16:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।