உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ইঞ্জিনিয়াৰিং ছাত্ৰৰ কৰ্মকাণ্ড, ছ্যুটকেছত ভৰাই হোষ্টেললৈ নি আছিল প্ৰেমিকাক, ধৰা পেলালে কেয়াৰটেকাৰে, ভিডিঅ’ ভাইৰেল

    ইঞ্জিনিয়াৰিং ছাত্ৰৰ কৰ্মকাণ্ড, ছ্যুটকেছত ভৰাই হোষ্টেললৈ নি আছিল প্ৰেমিকাক, ধৰা পেলালে কেয়াৰটেকাৰে, ভিডিঅ’ ভাইৰেল

    ছচিয়েল মিডিয়াত যিটো ভিডিঅ’ ভাইৰেল হৈছে, তাত দেখা গৈছে ছ্যুটকেছৰ পৰা যুৱতীগৰাকী ওলাই অহা। তাত আন একাংশ ছাত্ৰও উপস্থিত আছিল।

    • Share this:
    ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই সাধাৰণতে নিজৰ নতুন নতুন কৌশল আৰু অনুসন্ধানৰ বাবে জনাজাত। কিন্তু এজন ইঞ্জিনিয়াৰিং ছাত্ৰই নিজৰ প্ৰেমিকাক অভিনৱ কৌশলেৰে হোষ্টেললৈ নিয়াৰ চেষ্টা চলাইছিল যদিও কেয়াৰ টেকাৰৰ হাতত ধৰা পৰে। তাৰ পিছত কি হ’ব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি। এই ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে মানুহক হতবাক কৰি তুলিছে।

    এই ঘটনা মণিপালৰ এক অভিযান্ত্ৰিক কলেজৰ বুলি কোৱা হৈছে। উক্ত ছাত্ৰজন কলেজৰ হোষ্টেলত আছিল। তেওঁ নিজৰ প্ৰেমিকাক হোষ্টেললৈ নিব বিচাৰিছিল, যাৰ বাবে তেওঁ এনে এক কৌশল অৱলম্বন কৰিলে যিয়ে সকলোকে অবাক কৰিছে। কিন্তু হোষ্টেলৰ কেয়াৰটেকাৰৰ চকুৰ পৰা সাৰি যাব নোৱাৰিলে। ছাত্ৰজনে প্ৰেমিকাক এটা ট্ৰলী ছ্যুটকেছত ভৰাই হোষ্টেললৈ নিয়াৰ চেষ্টা চলাইছিল, কিন্তু বাহিৰত কেয়াৰটেকাৰে তেওঁ ধৰি লয় আৰু ছ্যুটকেছটো খুলি চকু কপালত উঠিল।

    এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা আন এজন ছাত্ৰৰ মতে, ইঞ্জিনিয়াৰিং ছাত্ৰজনে এটা ডাঙৰ ট্ৰলী ছ্যুটকেছ লৈ হোষ্টলৰ ফালে গৈ আছিল। হোষ্টেলত সোমাবৰ বাবে এন্ট্ৰী কৰাব লাগে, সেই সময়তে কেয়াৰটেকাৰৰ চকু ছ্যুটকেছটোত পৰে। কেয়াৰটেকাৰজনৰ সন্দেহ হোৱাত ছাত্ৰজনক সুধিলে যে তেওঁ ইমান ডাঙৰ ছ্যুটকেছ কিয় আনিছে আৰু ভিতৰত কি আছে। ছাত্ৰজনে প্ৰথমে কয় যে তেওঁ অনলাইনত কিছুমান সামগ্ৰী অৰ্ডাৰ কৰিছিল, সেই সামগ্ৰী আছে ছ্যুটকেছত।

    ছাত্ৰজনৰ কথাত কিন্তু কেয়াৰটেকাৰজন সন্তুষ্ট নহ’ল আৰু তেওঁ ছ্যুটকেছটো খুলিবলৈ কয়। ছাত্ৰজনে কেয়াৰটেকাৰজনক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিল যে সেয়া তেওঁৰ নিজৰ বস্তু, কিন্তু কেয়াৰটেকাৰজনে নামানিলে। ছ্যুটকেছটো খোলাৰ লগে লগে সকলোৰে চকু কপালত উঠিল। ভিতৰত কোনো সামগ্ৰী নাছিল, আছিল এগৰাকী যুৱতী।

    ছচিয়েল মিডিয়াত যিটো ভিডিঅ’ ভাইৰেল হৈছে, তাত দেখা গৈছে ছ্যুটকেছৰ পৰা যুৱতীগৰাকী ওলাই অহা। তাত আন একাংশ ছাত্ৰও উপস্থিত আছিল।
    Published by:Sanjay Kumar Das
    First published: