• Home
  • »
  • News
  • »
  • nation
  • »
  • ১০ দিনে মৰ্গত পৰি থকা অজিত শইকীয়াৰ শেষকৃত্য সম্পন্ন কৰি মানৱীয়তাৰ পৰিচয় দিলে দিল্লীৰ দিব্যজ্যোতি দত্তই

১০ দিনে মৰ্গত পৰি থকা অজিত শইকীয়াৰ শেষকৃত্য সম্পন্ন কৰি মানৱীয়তাৰ পৰিচয় দিলে দিল্লীৰ দিব্যজ্যোতি দত্তই

এই কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী কন্যাৰ পিতৃ দত্তই। তেওঁ মৃতদেহ গ্ৰহণ কৰিলে আৰু শ্মশানত নিজেই উপস্থিত থাকিল। তেওঁক সহযোগ কৰিলে দিল্লীৰ আৰক্ষীৰ এজন উপ–পৰিদৰ্শক আৰু এজন কনিষ্টবলে।

এই কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী কন্যাৰ পিতৃ দত্তই। তেওঁ মৃতদেহ গ্ৰহণ কৰিলে আৰু শ্মশানত নিজেই উপস্থিত থাকিল। তেওঁক সহযোগ কৰিলে দিল্লীৰ আৰক্ষীৰ এজন উপ–পৰিদৰ্শক আৰু এজন কনিষ্টবলে।

এই কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী কন্যাৰ পিতৃ দত্তই। তেওঁ মৃতদেহ গ্ৰহণ কৰিলে আৰু শ্মশানত নিজেই উপস্থিত থাকিল। তেওঁক সহযোগ কৰিলে দিল্লীৰ আৰক্ষীৰ এজন উপ–পৰিদৰ্শক আৰু এজন কনিষ্টবলে।

  • Share this:
দিব্যজ্যোতি দত্ত দিল্লীস্থিত জ্যেষ্ঠ অভিযন্তা আৰু দিল্লীৰ অসম এছ’চিয়েচনৰ সাধাৰণ সম্পাদক। অজিত শইকীয়াই তেওঁ, তেওঁৰ পত্নী আৰু তেওঁলোকৰ লগত দিল্লীলৈ অহা কংকন বৰা Covid-19ত আক্ৰান্ত হোৱাৰ পিছত সহায় বিচাৰি দত্তৰে সংযোগ স্থাপন কৰিছিল। বোকাখাতৰ পৰিয়ালটোৰে দত্তৰ পূৰ্বৰ চিনাকি নাছিল। পাছত দিল্লীৰ এখন হাস্পতালত যোৱা ৭ মে’ত শইকীয়াৰ মৃত্যু হয়। অৱশ্যে বন্তি শইকীয়া আৰু কংকন চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে। বন্তি শইকীয়া আৰু কংকন আন এখন চিকিৎসালয়ত ভৰ্তি হৈ আছিল আৰু চিকিৎসাৰ অন্তত দুয়োকে এখন হোটেললৈ স্থানান্তৰ কৰা হয়।

এই সময়ছোৱাত বন্তি শইকীয়াৰ স্বামীৰে সংযোগ বিচ্ছিন্ন হয় আৰু স্বামীৰ মৃত্যুৰ বিষয়ে হাস্পতাল কৰ্তৃপক্ষই তেওঁক অৱগত কৰা নাছিল। মৃত্যুৰ ৯ দিনৰ পিছত দত্তই হাস্পতালৰ শৱগৃহত শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰে। তেওঁ নিজে মৰ্গলৈ গৈ বন্তি শইকীয়াই হোৱাট্ছএপত দিয়া ফটোৰ যোগেদি মৃতদেহ চিনাক্ত কৰে।

তাৰ পিছত কিছু সমস্যাৰ উদ্ভৱ হয় মৃতদেহ সৎকাৰ কৰাক লৈ। হাস্পতাল কৰ্তৃপক্ষক লাগে এজন ব্যক্তি যি মৃতদেহ চমজি ল’ব পাৰে। বন্তি শইকীয়া আৰু কংকন কোৱাৰেণ্টাইনত থকাৰ কাৰণে তেওঁলোকক এই কামৰ অনুমতি প্ৰদান কৰা নহ’ল। অসম ভৱন কৰ্তৃপক্ষই আহ্বান জনালে ব্যক্তি তথা বেচৰকাৰী প্ৰতিষ্ঠানক আগবাঢ়ি আহিবলৈ।

এই কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী কন্যাৰ পিতৃ দত্তই। তেওঁ মৃতদেহ গ্ৰহণ কৰিলে আৰু শ্মশানত নিজেই উপস্থিত থাকিল। তেওঁক সহযোগ কৰিলে দিল্লীৰ আৰক্ষীৰ এজন উপ–পৰিদৰ্শক আৰু এজন কনিষ্টবলে। দিল্লীৰ নিগমবোধ ঘাটত সোমবাৰে শইকীয়াৰ শেষকৃত্য সম্পন্ন কৰা হয়।

News18ৰে বুধবাৰে হোৱা এক টেলিফোনিক বার্তালাপত দত্তই কয় – প্ৰথম অৱস্থাত তেওঁ অলপ শংকিত হৈছিল; কিন্তু চিকিৎসকসকলে মৃত ব্যক্তিৰ পৰা সংক্ৰমণ নঘটে বুলি কোৱাত তেওঁ অলপ সাহস পায়। আনহাতে শ্মশান আৰু শৱগৃহত নিজৰ দায়িত্ব পালন কৰা থকা লোকসকলক দেখিও মনোবল বাঢ়ে বুলিও কয় দত্তই।

“মই বহু ক্ষেত্ৰত মৃতদেহ স্পর্শ কৰিব লগাও হৈছে, গাড়ীৰ পৰা শেষকৃত্যৰ স্থানলৈ লৈ যাওঁতে ময়ো দাঙিছো। ইয়াত ভয়ৰ কোনো কাৰণ নাই। এনেই আতংকৰ সৃষ্টিৰ কৰি মৃত সকলক শেষ সন্মানকণৰ পৰা বঞ্চিত কৰা হৈছে” – মন্তব্য দত্তৰ। দত্তক চিকিৎসকে কোনো ধৰণৰ কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ দিয়া নাই।
First published: