গাড়ীৰ মালিকৰ বাবে নতুন কিটিপ লৈ TOTAL QUARTZ ইঞ্জিন কে চুপাৰষ্টাৰ্ছ চিজন 2 সাজু!

News18 Assam | News18-Assam
Updated:February 22, 2021, 4:21 PM IST
গাড়ীৰ মালিকৰ বাবে নতুন কিটিপ লৈ TOTAL QUARTZ ইঞ্জিন কে চুপাৰষ্টাৰ্ছ চিজন 2 সাজু!
আমি আমাৰ গাড়ীৰ বাবে মেকানিকসকলৰ ওপৰত ভৰসা ৰাখোঁ – TOTAL QUARTZ ইঞ্জিন কে চুপাৰষ্টাৰ্ছ চিজন 2-ত এই এক্সপাৰ্টসকলৰ পৰা DIY বাহন তত্বাৱধানৰ পৰামৰ্শ আৰু কিটিপ দিয়া হৈছে।

আমি আমাৰ গাড়ীৰ বাবে মেকানিকসকলৰ ওপৰত ভৰসা ৰাখোঁ – TOTAL QUARTZ ইঞ্জিন কে চুপাৰষ্টাৰ্ছ চিজন 2-ত এই এক্সপাৰ্টসকলৰ পৰা DIY বাহন তত্বাৱধানৰ পৰামৰ্শ আৰু কিটিপ দিয়া হৈছে।

  • Share this:
গাড়ী আৰু কাৰ ইঞ্জিন হৈছে একাধিক সঁজুলি থকা জটিল মেচিন। যদিও শুনিবলৈ স্বাভাৱিক যেন লাগে, এই কথা স্পষ্ট যে সামগ্ৰিকভাৱে ছাৰ্ভিছ দিবলৈ হ’লে গাড়ীৰ গাইগুটীয়া অংশৰ বিষয়ে জনাৰ উপৰিও অনেক কিবাকিবি জানিব লাগিব। সেইবাবে ইঞ্জিনবোৰক সম্পূৰ্ণ সুৰক্ষা, নিয়মীয়া যত্ন আৰু তত্বাৱধানৰ প্ৰয়োজন– যিটোৰ বাবে আমি সাধাৰণতে আমাৰ মেকানিকসকলৰ ওপৰত নিৰ্ভৰ কৰোঁ। তেওঁলোকৰ সমস্যা সমাধান কৰাৰ ক্ষমতা, ইঞ্জিনৰ স্থিতি বুজি পাই উন্নত কৰাৰ দক্ষতা আৰু প্ৰয়োজন হ'লেই উপস্থিত হোৱাৰ মনোবৃত্তি আদিয়ে আমাৰ বাহনবোৰ গতিশীল কৰি ৰাখে। কভিড-19 ৰ মহামাৰীৰ সময়ত এই প্ৰয়োজনীয়তা অত্যাৱশ্যকীয় হৈ পৰিছিল, যেতিয়া অত্যাৱশ্যকীয় সামগ্ৰী আৰু কৰ্মচাৰীৰ চলাচল লকডাউন ৰখা স্বত্বেও অব্যাহত ৰাখিবলগীয়া হৈছিল। এই মেকানিকসকলৰ একান্ত নিষ্ঠাই TOTAL QUARTZ ইঞ্জিন কে চুপাৰষ্টাৰ্ছ চিজন 2 উদ্যোগটোক অনুপ্ৰাণিত কৰিছে।

এই উদ্যোগটো মেকানিকসকলৰ নমনীয়তা আৰু সৰলতাৰ প্ৰেৰণাদায়ক কাহিনীৰ বাবে উৎসৰ্গিত, আৰু লগতে আমাৰ মেকানিকসকলে সুন্দৰকৈ তত্বাৱধান কৰি ৰখা মেচিনবোৰৰ বিষয়ে কিছুমান সৰল তথ্য ব্যৱহাৰকাৰীসকলে বুজি পোৱাৰো এক সুযোগ। সেইবাবে TOTAL QUARTZ ইঞ্জিন কে চুপাৰষ্টাৰ্ছ চিজন 2-ত জনপ্ৰিয় অটোমোটিভ আলোচনী অভাৰড্ৰাইভৰ সম্পাদক বাৰ্ট্ৰাণ্ড ডি'চুজাৰ এক বিশেষ খণ্ড উপস্থাপন কৰা হৈছে। দুটা মনোৰঞ্জক আৰু আমোদজনক ডু-ইট-য়ৰচেল্ফ ভিডিঅ’ৰ লগতে এই ভিডিঅ'সমূহে কিছুমান সৰল কিন্তু অত্যাৱশ্যকীয় অটোমোটিভ তত্বাৱধানৰ পদ্ধতিৰ কথা জানিবলৈ দিছে। লগতে তত্বাৱধানৰ ৰুটিনৰ ওপৰত প্ৰকাশ সঞ্চাৰ কৰি আলোচনা কৰিবৰ বাবে তেওঁক অতিথি মেকানিক এগৰাকীয়েও যোগদান কৰিছে। তাৰোপৰি, প্ৰতিটো ভিডিঅ'ৰ শেষত গাড়ীৰ মালিকৰ বাবে আশ্চৰ্য্যকৰ কিছুমান কিটিপো আছে

প্ৰথম ভিডিঅ'ত কেনেদৰে ইঞ্জিন অইল সলনি কৰিব লাগে সেই বিষয়ে বাৰ্ট্ৰাণ্ডে দৰ্শকক শিকাইছে। যদি সঠিক পদ্ধতিত কৰা হয় তেন্তে ই দ্ৰুত আৰু সহজ। এই প্ৰথম DIY ভিডিঅ'টো ইয়াত চাওক।





দ্বিতীয়টো ভিডিঅ'ত বাহনৰ তত্বাৱধানৰ পৰিসৰ আৰু সম্প্ৰসাৰিত হৈছে। ইয়াত বাৰ্ট্ৰাণ্ডে অতিথি মেকানিক এগৰাকীৰ সৈতে, DIY কাৰ ইঞ্জিন ৰক্ষণাবেক্ষণৰ পৰামৰ্শ ভাগ-বতৰা কৰিছে।



এই পদক্ষেপবোৰ অনুসৰণ কৰিলে আপোনাৰ গাড়ী চালনৰ অভিজ্ঞতা ভাল হোৱাই নহয়, ইঞ্জিনৰ কাম বা মেৰামতিৰ সময় হ'লে আপোনাৰ মেকানিকৰ কামো সহজ হৈ পৰিব।

আপোনাৰ মেকানিকে আপোনাৰ বাহনখন সুস্থ কৰি ৰখাত কেনেদৰে সহায় কৰিছে সেই কাহিনী ভাগ-বতৰা কৰি আপুনিও নিজৰ কৃতজ্ঞতা ব্যক্ত কৰিব পাৰে। ইয়ালৈ যাওক: https://www.firstpost.com/total-quartz-engine-ke-superstar2

এইটো এক পাৰ্টনাৰড পোষ্ট।
First published: February 22, 2021, 4:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি