অহা ১৯ জানুৱাৰী বৃহস্পতিবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানি আৰু নীতা আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানি (Anant Ambani)ৰ এংগেজমেণ্ট ৰাধিকা মাৰ্চেণ্টৰ সৈতে অনুষ্ঠিত হ'ব। এই এংগেজমেণ্ট (Anant Ambani and Radhika Merchant engagement) অনুষ্ঠানত অতিথিসকলক ভাৰতীয় উৎসৱমুখৰ সাজ-পোছাক পৰিধান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আনহাতে এই প্ৰক্ৰিয়া মঙলবাৰৰ পৰা আৰম্ভ হৈছে কইনাৰ বাবে মেহেন্দি (হেন্না) অনুষ্ঠানৰ যোগেদি। ইয়াৰ ফটো ইতিমধ্য সামাজিক মাধ্যমত ভাইৰেলো হৈছে।
মেহেন্দি অনুষ্ঠিত হোৱাৰ দুদিন পিছত বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত মুম্বাইৰ আলটামাউণ্ট ৰোডস্থিত এন্টিলিয়াত এক বৃহৎ “গোল ধন” (Gol Dhana) অনুষ্ঠান অনুষ্ঠিত হ’ব।
“গোল ধন” হৈছে পৰম্পৰাগত গুজৰাটী এংগেজমেণ্ট অনুষ্ঠান, য’ত অতিথিসকলক ধনীয়া গুটি আৰু গুড় বিতৰণ কৰা হয়।
মেহেন্দিৰ বাবে ৰাধিকা মাৰ্চেণ্টে ডিজাইনাৰ যুটি আবু জানি আৰু সন্দীপ খোছলাৰ এটা আচৰিত কাষ্টম মেইড গোলাপী লেহেংগা পিন্ধিছিল।
২০১৯ চনৰ ছবি “কলংক”ৰ “ঘৰ মৰে পৰদেশীয়া” গীতটোত কইনাৰ অভিনয়ৰ এটা দৃশ্য ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে। তাত্পৰ্যপূৰ্ণ যে ৰাধিকাৰ হ’বলগীয়া শাহুৱেক নীতা আম্বানিৰ দৰে মাৰ্চেণ্টো এগৰাকী প্ৰশিক্ষিত ভৰতনাট্যম নৃত্যশিল্পী। মুম্বাইস্থিত নৃত্য একাডেমী শ্ৰী নিভা আৰ্টছৰ গুৰু ভৱন ঠাকাৰৰ ছাত্ৰী আৰু আঠ বছৰ ধৰি শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ লৈছিল তেওঁ।
ৰাধিকা মাৰ্চেণ্টৰ চুলি বিন্যাস আৰু মেকআপ কৰিছিল আৰতী নায়াৰে, যিয়ে প্ৰি-ৱেডিং ফাংচনৰ আভাস ফুটাই তুলিছিল।
অনন্ত আম্বানিৰ ভগ্নী ঈশা আম্বানি (Isha Ambani)য়ে পিন্ধিছিল গোলাপী ৰঙৰ কুৰ্তা, যাৰ ছবি শ্বেয়াৰ কৰিছিল চেলিব্ৰিটি ষ্টাইলিষ্ট অমি পেটেলে।
উল্লেখ্য, যোৱা ২৯ ডিচেম্বৰত ৰাজস্থানৰ নাথদ্বাৰাৰ শ্ৰীনাথজী মন্দিৰত পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত দম্পতীটোৰ ৰোকা অনুষ্ঠান পৰিৱেশন কৰা হয়। মন্দিৰত দিনটো কটায় দম্পতীটোৱে পৰম্পৰাগত ৰাজ-ভোগ-শৃংগাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ৰোকাৰ পিছতে আম্বানিৰ ঘৰ “এন্টিলিয়া”ত এক গ্ৰেণ্ড পাৰ্টি অনুষ্ঠিত হয়, য’ত শ্বাহৰুখ খান, আলিয়া ভাট, ৰণবীৰ কাপুৰ আদি তাৰকাই অংশগ্ৰহণ কৰে। ৰোকাৰ পিছত মুম্বাইত অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টক ভৱিষ্যৎ জীৱনৰ বাবে স্বাগতম জনোৱা হৈছিল।
উল্লেখ্য, ৰাধিকা মাৰ্চেণ্ট (Radhika Merchant) এনকোৰ হেল্থকেয়াৰৰ মুৰব্বী বীৰেন মাৰ্চেণ্টৰ কন্যা আৰু তেওঁ এনকোৰ হেল্থকেয়াৰৰ ব’ৰ্ডৰ সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
Published by: Gautam Barman
FIRST PUBLISHED : January 19, 2023, 03:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।