জম্মু–কাশ্মীৰৰ অনন্তনাগৰ বিজবেহৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি। সূত্ৰ অনুসৰি ২–৩ জনীয়া সন্ত্ৰাসবাদীৰ এটা দলক ঘেৰাও কৰিছে নিৰাপত্তাৰক্ষীয়ে। এটা ঘৰত আত্মগোপন কৰি আছে সন্ত্ৰাসবাদীকেইটাই। পুৱাৰে পৰা অব্যাহত আছে দুই পক্ষৰ মাজত গুলীয়াগুলি। পুৱা প্ৰায় ৬ বজাৰ পৰা অব্যাহত আছে সংঘৰ্ষ। সেনা আৰু চি আৰ পি এফে যুটীয়াভাৱে চলাইছিল এই অভিযান। এটা ঘৰত সন্ত্ৰাসবাদীৰ দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান।
উল্লেখযোগ্য জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত এয়া সন্ত্ৰাসবাদীৰে তৃতীয়টো সংঘৰ্ষ। ইয়াৰ পূৰ্বে ২৯ ছেপ্টেম্বৰত দুই পৃথক পৃথক স্থানত হোৱা সংঘৰ্ষত নিহত হৈছিল ৬ সন্ত্ৰাসবাদী।