মুখ্যপৃষ্ঠা »খবৰ »দেশ »Jammu Kashmir: ২৪ ঘণ্টাৰ ভিতৰতে নিৰাপত্তাৰক্ষীয়ে ৫ জন জোৱান শ্বহীদ হোৱাৰ ল'লে প্ৰতিশোধ ! লস্কৰ ই তৈবাৰ ৫ সন্ত্ৰাসবাদীক হত্যা...

Jammu Kashmir: ২৪ ঘণ্টাৰ ভিতৰতে নিৰাপত্তাৰক্ষীয়ে ৫ জন জোৱান শ্বহীদ হোৱাৰ ল'লে প্ৰতিশোধ ! লস্কৰ ই তৈবাৰ ৫ সন্ত্ৰাসবাদীক হত্যা...

প্ৰতীকী ফটো

পুঞ্চ (Poonch)ৰ পিছত শ্বপিয়ানৰ ইমামচাহেব অঞ্চলৰ তুলৰাণ (Tulran)ত আৰম্ভ হোৱা এক সংঘৰ্ষত জোৱানসকলে LeT (TRF)ৰ তিনিজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছে। মঙলবাৰে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে এই খবৰ দিছে।

  • Share this:
পুঞ্চ (Poonch)ৰ পিছত শ্বপিয়ানৰ ইমামচাহেব অঞ্চলৰ তুলৰাণ (Tulran)ত আৰম্ভ হোৱা এক সংঘৰ্ষত জোৱানসকলে LeT (TRF)ৰ তিনিজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছে। মঙলবাৰে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে এই খবৰ দিছে। জানিব পৰা গৈছে যে নিহত সন্ত্ৰাসবাদীসকলৰ ভিতৰত বিহাৰৰ বীৰেন্দ্ৰ পাছৱানৰ হত্যাকাৰীও আছিল। আৰক্ষী বিষয়াজনে জনাইছিল যে তথ্যৰ ভিত্তিত সোমবাৰে সন্ধিয়া শ্বপিয়ানত দুটা অভিযান আৰম্ভ কৰা হৈছিল।

জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে সোমবাৰে কৈছে, "নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত আজি সন্ধিয়া শ্বপিয়ানত দুটা অভিযান আৰম্ভ কৰা হৈছে। টুলৰানত এনকাউণ্টাৰ হৈছে। ৩-৪ জন সন্ত্ৰাসবাদী আবদ্ধ হৈ আছে।' শ্বপিয়ানৰ খেৰিপোৰাত আৰু এক অভিযান আৰম্ভ কৰা বুলি তেওঁ কয়। ২৪ ঘণ্টাৰ ভিতৰত এইটো তৃতীয় মুখামুখি। কেন্দ্ৰীয় শাসিত অঞ্চলত সংঘটিত সন্ত্ৰাসবাদী ঘটনাৰ পিছত নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।

নিৰাপত্তাৰক্ষীয়ে শ্বপিয়ান এনকাউণ্টাৰত নিহত তানি উগ্ৰপন্থীৰ পৰা গোলাবাৰুদসহ বৃহৎ সংখ্যক সামগ্ৰী উদ্ধাৰ কৰিছে। কাশ্মীৰ জোন আৰক্ষীয়ে জনাইছে যে নিহত তিনিজন সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবা টিআৰএফৰ আছিল। কাশ্মীৰৰ আইজি বিজয় কুমাৰে কৈছেল যে নিহত তিনিজন সন্ত্ৰাসবাদীৰ এজনক গান্দেৰবালৰ মুখতাৰ শ্বাহ বুলি চিনাক্ত কৰা হৈছে।  আৰক্ষীয়ে আৱদ্ধ সন্ত্ৰাসবাদীসকলক আত্মসমৰ্পণ কৰিবলৈও আহ্বান জনাইছিল। লাউডস্পীকাৰৰ জৰিয়তে সন্ত্ৰাসবাদীসকলক সৈমান কৰিবলৈ চেষ্টা কৰা জোৱানসকলৰ এটা ভিডিঅ' পোহৰলৈ আহিছে।

সুৰক্ষা বাহিনীয়ে সোমবাৰে পুঞ্চত উগ্ৰপন্থীসকলৰ সৈতে মুখামুখি হৈছিল। বিষয়াসকলে আশংকা কৰিছিল যে ঘটনাটোত জড়িত উগ্ৰপন্থীসকল আগষ্টত পুঞ্চত অনুপ্ৰৱেশ কৰা এটা গোটৰ আছিল। এনকাউণ্টাৰত শ্বহীদ হোৱা নায়কসকলক নাইব চুবেদাৰ জচবিন্দৰ সিং মানা, নায়ক মনদীপ সিং, চিপাহী গজজন সিং, সৰাজ সিং, বৈচাখ এইচ বুলি চিনাক্ত কৰা হৈছে।

শেহতীয়া বাতৰি