মুখ্যপৃষ্ঠা »খবৰ »দেশ »মণিপুৰৰ এম্বুছৰ আঁৰত আলফা (স্বাঃ) সহ তিনি সংগঠন, ৩ছহীদৰ মাজত বজালীৰ প্ৰণয় কলিতা

মণিপুৰৰ এম্বুছৰ আঁৰত আলফা (স্বাঃ) সহ তিনি সংগঠন, ৩ছহীদৰ মাজত বজালীৰ প্ৰণয় কলিতা

আহত হৈ চিকিৎসাধীন আন ৫জন জোৱান।

আহত হৈ চিকিৎসাধীন আন ৫জন জোৱান।

আহত হৈ চিকিৎসাধীন আন ৫জন জোৱান।

  • Share this:
মণিপুৰৰ চান্দেলত সংঘটিত ভয়ংকৰ এম্বুছৰ দায়িত্ব স্বীকাৰ কৰিছে ULFA-I, PLA আৰু MNPFএ ৷ বুধবাৰে নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছিল আছাম ৰাইফলছৰ ওপৰত এম্বুছ ৷ এম্বুছত নিহত হৈছিল তিনিজন জোৱান ৷ আহত হৈছিল আন ছজন জোৱান ৷

জানিব পৰা মতে প্ৰথমে আইইডি বিস্ফোৰণ আৰু তাৰ পিছতে প্ৰচণ্ড গুলীয়াগুলীৰ সূত্ৰপাত হয়। 

মণিপুৰৰ চান্দেল জিলাৰ চাজিকটামাপাক এলেকাত সংঘটিত হয় এই সংঘৰ্ষ।

এই সংঘৰ্ষত ছহীদ হয় অসম সন্তান বজালীৰ প্ৰণয় কলিতাসহ চতুৰ্থ অসম ৰাইফলছৰ তিনিজন জোৱান । ছহীদসকল হৈছে, প্ৰণয় কলিতা, ৰতন চালাম আৰু মেথনা কন্যাক। অন্য ৫জন জোৱান আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

03 Soldiers of 4th Assam Rifles who lost lives in Ambush identified as

অসম সন্তান প্ৰণয় কলিতাই ২০০১চনত অসম ৰাইফলছত যোগদান কৰিছিল। তেওঁ ইহ সংসাৰত দুই কন্যাসহ পত্নীক এৰি থৈ গৈছে।


শেহতীয়া বাতৰি