পিতৃ ইমৰান হাছমী, মাতৃ ছানী লিয়নী! বিহাৰৰ ছাত্ৰৰ এডমিট কাৰ্ড ভাইৰেল!

এই বিষয়ে ইমৰান হাছমীয়ে মুখ খুলিলেও ছানী লিয়নীয়ে এতিয়ালৈ কোনো মন্তব্য কৰা নাই।
এই বিষয়ে ইমৰান হাছমীয়ে মুখ খুলিলেও ছানী লিয়নীয়ে এতিয়ালৈ কোনো মন্তব্য কৰা নাই।
- News18 Assam
- Last Updated: December 10, 2020, 2:24 PM IST
ঘটনাটো বিস্তাৰিতভাৱে জানো আহক। কথাটো হ’ল, বলীউদ অভিনেতা ইমৰান হাছমীয়ে পুৱাই এটা টুইট কৰিছে। য’ত ইমৰান হাছমীয়ে এখন সংবাদ পত্ৰৰ লিংক দিছে। সংবাদ পত্ৰত প্ৰকাশিত খবৰ অনুযায়ী, বিহাৰৰ এজন ছাত্ৰৰ পৰীক্ষাৰ এডমিট কাৰ্ডত পিতৃ–মাতৃৰ নামৰ ঠাইত লিখা আছে ইমৰান হাছমী আৰু ছানী লিয়নৰ নাম!
আৰু সেই খবৰটো টুইট কৰি ইমৰান হাছমীয়ে লিখিছে, ‘শপত খাই কৈছো, এই ইমৰান হাছমী আৰু মই এজন ব্যক্তি নহয়। মোৰ এনেধৰণৰ কোনো সম্পৰ্ক নাই, নাছিল। মোৰ এনে কোনো সন্তানো নাই!’
I swear he ain’t mine 🙋🏼♂️ https://t.co/ARpJfqZGLT
— Emraan Hashmi (@emraanhashmi) December 9, 2020
ইমৰান হাছমীৰ এই টুইট ইতিমধ্যে ভাইৰেল হৈ পৰিছে। বহুতেই সেই ছাত্ৰজনৰ সাক্ষাৎকাৰ ল’বলৈ অনুৰোধ কৰিছে। ছাত্ৰজনৰ ফটো প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিছে বহুতে।