৩০হাজাৰ টকাতকৈ কম দৰমহা পোৱা সকলৰ কাৰণে সুখবৰ! চৰকাৰে দিব এক বিশেষ উপহাৰ

News18 Assam | News18-Assam
Updated:May 6, 2020, 7:26 PM IST
৩০হাজাৰ টকাতকৈ কম দৰমহা পোৱা সকলৰ কাৰণে সুখবৰ! চৰকাৰে দিব এক বিশেষ উপহাৰ
লকডাউনৰ মাজতে চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে আগবঢ়াইছে এই বিশেষ সুবিধা। 

লকডাউনৰ মাজতে চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে আগবঢ়াইছে এই বিশেষ সুবিধা। 

  • Share this:
নতুন দিল্লীঃ কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অব্যাহত লকডাউনৰ মাজতে সাধাৰণ জনতাক সকাহ দিবলৈ চৰকাৰে এইবাৰ লৈছে এক বিশেষ উদ্যোগ। কেন্দ্ৰীয় চৰকাৰে ইএছআইচি (ESIC Scheme)ৰ সুবিধা প্ৰদান কৰাৰ সীমা বৃদ্ধিৰ তৎপৰতা গ্ৰহণ কৰিছে। CNBC আৱাজৰ সূত্ৰমতে কম দৰমহা পোৱা বেছি কৰ্মচাৰীক মেডিকেল আৰু কেছ বেনিফিট দিবলৈ চৰকাৰে ESICৰ অধীনত সীমা বৃদ্ধি কৰিব পাৰে। শ্ৰম মন্ত্ৰালয়ে কভাৰেজৰ কাৰমে কৰ্মচাৰীৰ বৰ্তমানৰ দৰমহাৰ সীমা বৃদ্ধিৰ প্ৰস্তাৱ বিত্ত মন্ত্ৰালয়ক প্ৰদান কৰিছে।

৩০হাজাৰ টকা পৰ্যন্ত দৰমহা পোৱাসকলে পাব সুবিধাঃ সূত্ৰমতে, স্কীমৰ সুবিধাৰ কাৰণে কৰ্মচাৰীৰ কাৰণে দৰমহাৰ সীমা বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। এইমতে ESICৰ কাৰণে দৰমহাৰ পূৰ্বৰ সীমা ২১,০০০টকাৰ পৰা ৩০,০০০টকা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

যিসকল কৰ্মচাৰীৰ গ্ৰছ দৰমহা ৩০,০০০টকা সেইসকলে ESIৰ কভাৰেজৰ সুবিধা লাভ কৰিব। ESICৰ আঁচনিৰ অধীনত বেমাৰত পৰিলে দৰমহা প্ৰটেকশ্যন দিয়া হ’ব।

এই কাৰ্যৰ ফলত কোম্পানীসমূহৰ ওপৰতো বোজা হ্ৰাস পাব। লগতে লকডাউনত জৰুৰী মেডিকেল কভাৰৰ বোজাও কম হ’ব। বৰ্তমান ১২.৫০লাখ কোম্পানীয়ে সুবিধা লাভ কৰি আছে। 
First published: May 6, 2020, 7:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি