আধুনিক প্ৰয়োজনীয়তাসমূহলৈ লক্ষ্য ৰাখি শ্ৰম আইন সংস্কাৰৰ বাবে নতুন নিয়ম প্ৰস্তুত কৰি আছে কেন্দ্ৰই। শ্ৰম মন্ত্ৰালয়ে এনে নিয়ম প্ৰস্তুত কৰি আছে যাৰ দ্বাৰা কোম্পানী আৰু কৰ্মচাৰী উভয় পক্ষই উপকৃত হ'ব পাৰে।
এই নতুন নিয়ম অনুসৰিয়েই সকলো কোম্পানীয়ে ১৫ মিনিটৰ অতিৰিক্ত কাম অৰ্থাত্ অভাৰটাইমৰ বাবে কৰ্মচাৰীক পৰিশোধ কৰিব লাগিব ধন। ইয়াৰ অৰ্থ হৈছে কৰ্তব্যৰ সময় শেষ হোৱাৰ পিছত আপুনি অধিক কাম কৰিলে আপুনি ধন লাভ কৰিব। তদুপৰি, আপোনাৰ দৰমহাও নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব |
হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে চৰকাৰে নতুন শ্ৰমিক আইনৰ অধীনত বৰ্তমানৰ অভাৰটাইমৰ সময়সীমা সলনি কৰিব পাৰে। নিৰ্ধাৰিত সময়ৰ পৰা ১৫ মিনিটতকৈ অধিক সময় কাম কৰিলে অভাৰটাইম বিবেচনা কৰা হ'ব আৰু ইয়াৰ বাবে কোম্পানীসমূহে তেওঁলোকৰ কৰ্মচাৰীসকলক ধন পৰিশোধ কৰিব লাগিব। ইপিনে চলিত নিয়ম অনুসৰি বৰ্তমানে যদি কোনো কৰ্মচাৰীয়ে আধা ঘণ্টা অতিৰিক্ত কাম কৰে তেন্তে ইয়াক অভাৰটাইম বুলি বিবেচনা কৰা হয় |
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই আইনৰ প্ৰস্তুতৰ কামৰ সৈতে জড়িত হৈ থকা বিষয়াৰ মতে, শ্ৰম মন্ত্ৰালয়ে নতুন শ্ৰমিক আইনৰ বিষয়ে সকলো অংশীদাৰসকলৰ সৈতে আলোচনা কৰিছে আৰু চলিত মাহৰ শেষৰফালে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। তাৰ পাচতে এই নিয়মসমূহ বলবৎ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।
২৯ খন আইন বাতিল কৰি প্ৰণয়ন কৰা ৪ খন নতুন আইন -
পূৰণি ২৯খন আইনৰ ঠাইত শ্ৰমিক, ঔদ্যোগিক সম্পৰ্কীয়, বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কামকাজৰ পৰিস্থিতি আৰু সামাজিক সুৰক্ষাৰ ওপৰত চাৰিখন শ্ৰমিক বিল সংসদত গৃহীত কৰা হৈছে। এতিয়া ইয়াৰ নিয়মবোৰ প্ৰস্তুত কৰি থকা হৈছে । নতুন নিয়মসমূহ কাৰ্যকৰী হোৱাৰ পাচত দেশৰ শ্ৰমিক বজাৰত এক নতুন পৰ্যায়ৰ উন্নত নিয়মাৱলী আৰম্ভ হ'ব। একে সময়তে চৰকাৰে নতুন শ্ৰমিক আইনৰ বিষয়ে সন্দেহ দূৰ কৰিবলৈ চেষ্টা কৰি আছে।
নতুন নিয়মেৰে নিৰ্ধাৰিত হ'ব আপোনাৰ দৰমহা -
নতুন নিয়মত, কোম্পানীবোৰে "কোম্পানীৰ ব্যয়" (CTC) নতুন নিয়মেৰে নিৰ্ধাৰণ কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে কৰ্মচাৰীসকলৰ চলি থকা দৰমহা সলনি হ'ব। নতুন নিয়মৰ অধীনত, সকলো ভাট্টা যেনে ভ্ৰমণ ছুটি, ঘৰৰ ভাড়া, অভাৰটাইম আৰু সন্মিলনক দৰমহাৰ ৫০% ত আৱৰি ৰখা হ'ব। চিটিচি-ত মৌলিক বেতন, ডি আৰ আৰু আৰ পি অন্তৰ্ভূক্ত হৈ থাকিব। আনহাতে গ্ৰেজুইটি বোনাচ, পেঞ্চন, পিএফ , কনভেনচন এলাউন্স, এচ আৰ এ, অভাৰটাইম আৰু গ্ৰেজুইটি কাটি দিয়া হ'ব।
সকলোৱে লাভ কৰিব পি এফ আৰু ই এছ আইৰ সুবিধা -
নতুন আইনত, কোম্পানীসমূহে এয়া সুনিশ্চিত কৰিব লাগিব যে সকলো কৰ্মচাৰীয়ে পি এফ আৰু ই এছ আইৰ দৰে সুবিধা লাভ কৰে। কোনো কোম্পানীয়ে এইটো অস্বীকাৰ কৰিব নোৱাৰে যে ঠিকাদাৰ বা তৃতীয় পক্ষ ইয়াৰ মাজত আহিছে। ইয়াৰ উপৰিও চুক্তি বা তৃতীয় পক্ষৰ অধীনত কাম কৰা সকলে সম্পূৰ্ণ দৰমহা লাভ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|