কান্দোনত ভাঙি পৰিল ISROৰ মুৰব্বী, সাৱটি ধৰি সাহস দিলে প্ৰধানমন্ত্ৰীয়ে

দেশবাসীৰ কাৰণে অত্যন্ত আৱেগিক ক্ষণৰ শেষ মুহূৰ্তত চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতে কান্দোনত ভাঙি পৰা ISROৰ মুৰব্বীৰ লগতে বিজ্ঞানীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস দিয়ে। 

News18
Updated:September 7, 2019, 10:33 AM IST
কান্দোনত ভাঙি পৰিল ISROৰ মুৰব্বী, সাৱটি ধৰি সাহস দিলে প্ৰধানমন্ত্ৰীয়ে
দেশবাসীৰ কাৰণে অত্যন্ত আৱেগিক ক্ষণৰ শেষ মুহূৰ্তত চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতে কান্দোনত ভাঙি পৰা ISROৰ মুৰব্বীৰ লগতে বিজ্ঞানীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস দিয়ে। 
News18
Updated: September 7, 2019, 10:33 AM IST
চন্দ্ৰযান–২ৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছত বিজ্ঞানীসকলৰ সাহস বৃদ্ধি কৰিবলৈ শণিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ এবাৰ ISROৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। এই ক্ষণতে প্ৰধানমন্ত্ৰী আৰু ISROৰ মুৰব্বী দুয়োৰে চকু সেমেকি উঠে। বাংগালুৰুৰ চেণ্টাৰৰ পৰা উভতি আহিবৰ সময়ত ISROৰ মুৰব্বী কে সিৱানে তেওঁক বিদায় দিবলৈ আহিছিল। আৱেগিক হৈ পৰা ইছৰ’ৰ মুৰব্বীগৰাকীক সাহস দিবলৈ তেওঁক সাৱটি ধৰোতে প্ৰধানমন্ত্ৰীগৰাকী নিজেও আৱেগিক হৈ পৰিছিল।

চাওক ভিডিওঃ



ইয়াৰ পূৰ্বে শণিবাৰে তেওঁ ISROৰ বিজ্ঞানীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, চন্দ্ৰযান–২ৰ মিছনত অহা বাধাক লৈ নিৰাশ হোৱাৰ প্ৰয়োজন নাই। আকৌ ‘নতুন প্ৰভাত’ হ’বই।

লগতে তেওঁ কয়,
চন্দ্ৰত অৱতৰণ কৰাৰ দেশৰ সংকল্প আৰু মজবুতহে হ’ল। আমি আমাৰ বিজ্ঞানীসকলৰ সৈতে দৃঢ়তাৰে থিয় দিছো। প্ৰতিজন ভাৰতীয়ই দেশৰ মহাকাশ অভিযান আৰু বিজ্ঞানীসকলক লৈ গৰ্বিত।আমাৰ এই কাৰ্যসূচী আমাৰ নাগৰিকসকলৰ লগতে বিশ্বৰ আন দেশৰ কাৰণেও সহায়ক হৈছে। স্বাস্থ্য সেৱাৰ পৰা অন্যান্য ক্ষেত্ৰত বিজ্ঞানীসকলৰ গুৰুত্বপূৰ্ণ অৱদান আছে। মই আপোনালোকক কৈছো আপোনালোক বিশিষ্ট পেছাদাৰী আৰু ৰাষ্ট্ৰৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। আপোনালোক মাখনত আঁক মৰা মানুহ নহয়, কঠিন শিলত লিখা মানুহ। অতীতত বহুবাৰ এনেধৰণৰ বাধা অতিক্ৰম কৰি আমি উভতি আহিছো। দেশমাতৃৰ নাম ওখ কৰিবলৈ আপোনালোকে সমগ্ৰ জীৱন অৰ্পণ কৰি আহিছে। মই কালিৰে পৰা এতিয়ালৈ আপোনালোকৰ মনৰ ভাৱ বুজিছো। আপোনালোকৰ চকুৱে বহুতো কথাই কৈছে। আপোনালোকৰ মুখৰ উদাস ভাৱ মই বুজি পাইছো। সেইকাৰণে মই বেছিসময় আপোনালোকৰ মাজত বেছি দেৰি নাথাকিলো।




 

.quote-box { font-size: 18px; line-height: 28px; color: #767676; padding: 15px 0 0 90px; width:70%; margin:auto; position: relative; font-style: italic; font-weight: bold; } .quote-box img { position: absolute; top: 0; left: 30px; width: 50px; } .special-text { font-size: 18px; line-height: 28px; color: #505050; margin: 20px 40px 0px 100px; border-left: 8px solid #ee1b24; padding: 10px 10px 10px 30px; font-style: italic; font-weight: bold; } .quote-box .quote-nam{font-size:16px; color:#5f5f5f; padding-top:30px; text-align:right; font-weight:normal} .quote-box .quote-nam span{font-weight:bold; color:#ee1b24} @media only screen and (max-width:740px) { .quote-box {font-size: 16px; line-height: 24px; color: #505050; margin-top: 30px; padding: 0px 20px 0px 45px; position: relative; font-style: italic; font-weight: bold; } .special-text{font-size:18px; line-height:28px; color:#505050; margin:20px 40px 0px 20px; border-left:8px solid #ee1b24; padding:10px 10px 10px 15px; font-style:italic; font-weight:bold} .quote-box img{width:30px; left:6px} .quote-box .quote-nam{font-size:16px; color:#5f5f5f; padding-top:30px; text-align:right; font-weight:normal} .quote-box .quote-nam span{font-weight:bold; color:#ee1b24} }
আৰু চাওক পৰৱৰ্তী বাতৰি