உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Covid19 Vaccine in India : কোভিডৰ বিৰুদ্ধে যুদ্ধত কেন্দ্ৰৰ আন এক শক্তিশালী খোজ, নতুনকৈ দুটা ভেকচিন আৰু এটা দৰৱৰ ব্যৱহাৰত অনুমোদন

    Covid19 Vaccine in India : কোভিডৰ বিৰুদ্ধে যুদ্ধত কেন্দ্ৰৰ আন এক শক্তিশালী খোজ, নতুনকৈ দুটা ভেকচিন আৰু এটা দৰৱৰ ব্যৱহাৰত অনুমোদন

    সাংকেতিক ছবি

    সাংকেতিক ছবি

    Covid19 Vaccine in India : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি জৰুৰীকালীনভাৱে আৰু চৰ্তসাপেক্ষে কোৰোণাৰ ভেকচিন কৰ্বেভেক্স (CORBEVAX) কোভোবেক্স (COVOVAX)ৰ ব্যৱহাৰত অনুমোদন জনায়। ইয়াৰ লগতে কোৰোণাৰ চিকিতসাৰ বাবে এণ্টি ভাইৰেল দৰৱ ৰূপে মলনুপিৰাভিৰ (Molnupiravir)ৰ জৰুৰীকালীন চৰ্তসাপেক্ষ ব্যৱহাৰতো অনুমোদন জনায়।

    • Share this:
    সমগ্ৰ বিশ্বৰ লগতে ভাৰততো নতুনকৈ কোৰোণা সংক্ৰমণে আতংকৰ সৃষ্টি কৰিছে। বিশেষকৈ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ বাঢ়িব ধৰাত তিন্তিত হৈ পৰিছে চৰকাৰ। অমিক্ৰনৰ সংক্ৰমণৰ লগে লগে দেশত কোৰোণাৰ তৃতীয় লহৰৰ সংক্ৰমণৰো আশংকা ঘনীভূত হৈছে। সেয়ে জৰুৰী হৈ পৰিছে কোৰোণাৰ বিৰুদ্ধে যুঁজ শক্তি শালী কৰি তোলা।

    কোভিডৰ বিশেষকৈ অমিক্ৰনৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দুটা ভেকচিন আৰু এটা এণ্টি ভাইৰেল দৰৱৰ ব্যৱহাৰত অনুমোদন জনাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি জৰুৰীকালীনভাৱে আৰু চৰ্তসাপেক্ষে কোৰোণাৰ ভেকচিন কৰ্বেভেক্স (CORBEVAX) কোভোবেক্স (COVOVAX)ৰ ব্যৱহাৰত অনুমোদন জনায়। ইয়াৰ লগতে কোৰোণাৰ চিকিতসাৰ বাবে এণ্টি ভাইৰেল দৰৱ ৰূপে মলনুপিৰাভিৰ (Molnupiravir)ৰ জৰুৰীকালীন চৰ্তসাপেক্ষ ব্যৱহাৰতো অনুমোদন জনায়।



    কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই টুইটযোগে এই কথা সদৰী কৰিছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    উল্লেখ্য ভাৰতত ইতিমধ্যে কোভাক্সিন, কোভিশ্বিল্ড আৰু স্পুটনীক ভেকচিন ব্যৱহাৰ হৈ আছে।
    Published by:Manjumoni Borah
    First published: