আৰক্ষীৰ লজ্জাজনক কাণ্ড, কন্যাৰ মৃতদেহ নিবলৈ অহা পিতৃক শোধালে গোৰ, চাওক Video

News18 Assam | News18-Assam
Updated:February 27, 2020, 3:34 PM IST
আৰক্ষীৰ লজ্জাজনক কাণ্ড, কন্যাৰ মৃতদেহ নিবলৈ অহা পিতৃক শোধালে গোৰ, চাওক Video
ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱা এই ঘটনাটো তেলেংগানাৰ সংগাৰেড্ডী জিলাৰ।

ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱা এই ঘটনাটো তেলেংগানাৰ সংগাৰেড্ডী জিলাৰ।

  • Share this:
কিছুদিন পূৰ্বে মহিলা চিকিৎসকক বলাৎকাৰ কৰি হত্যা কৰা চাৰি অভিযুক্তক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ পিছত চৰ্চালৈ অহা তেলেংগানা আৰক্ষীৰ লজ্জাজনক কাণ্ড। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে নিজৰ কন্যাৰ মৃতদেহ নিবলৈ চেষ্টা কৰা এজন পিতৃক আৰক্ষীয়ে শোধালে গোৰ। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছৰে পৰা তেলেংগানা আৰক্ষীৰ ওপৰত ক্ষোভ উজাৰিছে বিভিন্নজনে।

ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱা এই ঘটনাটো তেলেংগানাৰ সংগাৰেড্ডী জিলাৰ। নাৰায়ণা জুনিয়ৰ কলেজত অধ্যয়ন কৰিছিল ১৬ বছৰীয়া সন্ধ্যাৰাণী নামৰ ছাত্ৰীগৰাকীয়ে। একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে হোষ্টেলৰ কোঠাত চিপ লৈ আত্মহত্যা কৰিছিল। এই ঘটনাত কলেজ কৰ্তৃপক্ষৰ হেমাহিৰ অভিযোগ তুলিছে ছাত্ৰীগৰাকীৰ পৰিয়ালে। পৰিয়ালৰ অভিযোগ, বিগত চাৰিদিন ধৰি অসুস্থ হৈ আছিল সন্ধ্যা, কিন্তু কলেজ কৰ্তৃপক্ষই খবৰ দিয়া নাছিল পৰিয়ালক।

পৰিয়ালৰ অভিযোগ, ছাত্ৰীগৰাকীক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে। তাৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পাটনচেৰুৰ চৰকাৰী হাস্পতাললৈ নিয়া হয়।

এই ঘটনাৰ পিছতে মৰ্গৰ ফ্ৰিজাৰত ৰকা মৃতদেহটো একাংশ ছাত্ৰ উলিয়াই আনে। ছাত্ৰীগৰাকীৰ মৃতদেহ লৈ প্ৰতিবাদত বহিব বিচাৰিছিল একাংশ ছাত্ৰ–ছাত্ৰী। কিন্তু আৰক্ষীয়ে ততাতৈয়াকৈ মৃতদেহটো মৰ্গৰ ফালে লৈ যায়।


সেই সময়তে ছাত্ৰীগৰাকীৰ পিতৃয়ে মৃতদেহৰ সন্মুখত বাগৰি কান্দিবলৈ ধৰে আৰু মৃতদেহ চমজি ল’ব বিচাৰে। পিতৃক আঁতৰাই পঠিয়াবলৈ আৰক্ষীয়ে প্ৰহাৰ কৰাৰ লগতে চোঁচৰাই নিয়াৰ চেষ্টা কৰে। ছচিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading