মমতা বেনাৰ্জীক কঠোৰ ভাষাৰে আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ !

News18ৰ সাংবাদিক অমিতাভ সিংহা আৰু ব্ৰজেশ কুমাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মমতা বেনাৰ্জীক কঠোৰ ভাষাৰে আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

news18assam
Updated:May 15, 2019, 4:00 PM IST
মমতা বেনাৰ্জীক কঠোৰ ভাষাৰে আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ !
News18ৰ সাংবাদিক অমিতাভ সিংহা আৰু ব্ৰজেশ কুমাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মমতা বেনাৰ্জীক কঠোৰ ভাষাৰে আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
news18assam
Updated: May 15, 2019, 4:00 PM IST
পশ্চিমবংগত চলি থকা নিৰ্বাচনী হিংসাকলৈ মমতা বেনাৰ্জীক আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । জম্মু–কাশ্মীৰত পশ্চিমবংগতকৈ শান্তিপূৰ্ণ ভাবে হৈছে নিৰ্বাচন ,বুধবাৰে News18ৰ সাংবাদিক অমিতাভ সিংহা আৰু ব্ৰজেশ কুমাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এনেদৰে বংগকন্যাক বিদ্ৰুপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ভাৰতীয় জনতা পাৰ্টিৰ সৈতে ক্ৰমাৎ নিৰ্বাচনী সংঘাত বৃদ্ধি পাইছে তৃনমুল কংগ্ৰেছৰ ।
পশ্চিমবংগত অমিত শ্বাহৰ এক ৰোড শ্ব’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল তৃণমুল কংগ্ৰেছে ।

অমিত শ্বাহৰ ৰোড শ্ব’ত এই ভয়ংকৰ হিংসা সংঘটিত হোৱাৰ পিছতে পিছত বংগ বিজেপিৰ এগৰাকী নেতাই মমতা বেনাৰ্জীক নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পৰা নিষেধ কৰাৰ নিৰ্বাচন আয়োগক দাবী জনাইছিল ।
আৰু ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি মমতা বেনাৰ্জী ভাবুকি স্বৰূপ বুলিও মন্তব্য কৰিছিল বিজেপিৰ নেতা জনে ।

ইয়াৰ পিছতে পশ্চিম বংগত হোৱা নিৰ্বাচনী হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে পশ্চিম বংগতকৈ জম্মু–কাশ্মীৰত শান্তিপূৰ্ণ ভাবে হৈছে নিৰ্বাচন । ইয়াৰ পূৰ্বে  জম্মু–কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ হিংসা হোৱাৰ খবৰ নাছিল । কিন্তু পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত নিৰ্বাচনী হিংসাৰ বলি হৈ মৃত্যুক সাৱটি ল’ব লগা হৈছিল বহু জনে ।
সেইদৰে বিজেপিৰ দলৰ হৈ যি সকলে পঞ্চায়ত নিৰ্বাচন জয়লাভ কৰিছিল তেওঁলোকৰ ঘৰ পৰ্যন্ত জ্ৱলাই দিছিল দুৰ্বৃত্তই । পিছত সেইসকলে ঝাৰখণ্ডলৈ গৈ নিজৰ প্ৰাণ ৰক্ষা কৰিছিল ।তেওঁলোকৰ দোষ এটাই আছিল যে তেওঁলোকে নিৰ্বাচনত জয়লাভ কৰিছিল ।

সাক্ষাৎকাৰটোত প্ৰধানমন্ত্ৰীয়ে কয় যে– বাওঁপন্থী,বিজেপি আনকি কংগ্ৰেছেও এইবিষয়ে প্ৰস্তাৱ উত্থাপন কৰিছিল কিন্তু নিজকে নিৰপেক্ষ বুলি দাবী কৰা সকলে এই বিষয়ত নীৰৱ হৈ থকাটো আশ্চৰ্যকৰ। নিৰ্বাচনত প্ৰচাৰৰ বাবে বিজেপিৰ এগৰাকী মুখ্যমন্ত্ৰীক হেলিকপ্তাৰ অৱতৰণ কৰিবলৈ অনুমতি কৰিবলৈ দিয়া নাছিল মমতাৰ চৰকাৰে । সেইদৰে বিজেপিক এখনো ৰেলী কৰিবলৈও অনুমতি দিয়া নাই পশ্চিমবংগত । ইয়াৰ প্ৰধান কাৰণ হ’ল পশ্চিম বংগৰ চৰকাৰ , বিশেষকৈ মমতা বেনেৰ্জী ।

অমিত শ্বাহৰ ৰোড শ্ব’ত হোৱা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে আক্ৰমণ কৰিছে মমতাক । কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে সমগ্ৰ ঘটনাটোৰ বাবে মমতা বেনাৰ্জীকে দোষাৰোপ কৰিছে ।
সেইদৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ঘটনা সন্দৰ্ভত মমতা বেনাৰ্জীৰ চৰকাৰক "government of gangsters" আখ্যা দিছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি