মণিপুৰত ২০ খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে।
মণিপুৰত ২০ খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে।
চলি আছে ভোট গণনা। শেহতীয়া ট্ৰেণ্ড অনুসৰি উত্তৰপ্ৰদেশত বিজেপি মিত্ৰজোঁটে ২৬৬ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ মিত্ৰজোঁটে ১১৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। সেইদৰে কংগ্ৰেছ আৰু বহুজন সমাজবাদী পাৰ্টীয়ে ৩খনকৈ আসনত আগবাঢ়ি আছে
পঞ্জাৱত ক্ষমতা দখলৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী। ৰাজ্যখনত কংগ্ৰেছ দলক তীব্ৰ প্ৰত্যাহ্বান জনাই আম আদমী পাৰ্টীয়ে ৮৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। সেইদৰে কংগ্ৰেছ দলে মাত্ৰ ১৫ খন আসনত অগ্ৰগতি লাভ কৰিছে।
ঠিক সেইদৰে উত্তৰাখণ্ডত বিজেপি ৪৩ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়িছে মাত্ৰ ২১ খন আসনত।
গোৱাতো বিজেপিয়ে লৈছে অগ্ৰগতি। ২০ খন আসনত আগবাঢ়িছে বিজেপি। আনহাতে কংগ্ৰেছ এইমুহূৰ্তলৈকে আগবাঢ়ি আছে ১৩ খন আসনত। তৃণমূল কংগ্ৰেছে ২ খন আসনত অগ্ৰগতি লাভ কৰিছে।
আনহাতে মণিপুৰত ২০ খন আসনত অগ্ৰগতি লাভ কৰিছে শাসনাধিষ্ঠ বিজেপিয়ে। সেইদৰে কংগ্ৰেথ আগবাঢ়িছে মাত্ৰ ৭ খন আসনত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|