এতিয়া মাথোঁ অপেক্ষা। কাউণ্ট ডাউন আৰম্ভ হৈছে। কোনে পিন্ধিব বিজয়ৰ তিলক? সকলো স্পষ্ট হ’ব আজি। অসমৰ লগতে আজি আন চাৰিখন ৰাজ্য ক্ৰমে পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীতো হ’ব ভোটগণনা।
পশ্চিম বংগ বিধানসভাৰ ২৯২খন আসনৰ ভোটগণনা আৰম্ভ হ’ব কিছু পিছতে। ২৭ মাৰ্চৰ পৰা ২৯ এপ্ৰিল পৰ্যন্ত ৰাজ্যখনত ৮টা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ৰাজ্যখনৰ ২৩খন জিলাত ১০৮টা কেন্দ্ৰত হ’ব ভোটগণনা।
সমগ্ৰ দেশত এতিয়া কোৰোণাৰ ভয়াৱহতা। সেয়ে এইবাৰ ভোটগণনাত থাকিব অধিক সতৰ্কতা। কোভিড বিধিৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈকে। ভোটগণনা কেন্দ্ৰৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈ উঠিছে।
নিৰ্বাচন আয়োগৰ নিৰ্দেশ, ভোটগণনা কেন্দ্ৰত সোমাবলৈ হাতত থাকিব লাগিব দুটা কোভিড ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ। বা চৰকাৰীভাৱে স্বীকৃত স্বাস্থ্য কেন্দ্ৰৰ পৰা প্ৰদান কৰা ৰেপিড এণ্টিজেন টেষ্টৰ নিগেটিভ ৰিপ’ৰ্ট। নিৰ্দিষ্ট ৰিপ’ৰ্ট দেখুৱাই প্ৰাৰ্থী বা এজেণ্টসকলে গণনা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব। ভোট গণনাৰ সময়ত কেন্দ্ৰৰ বাহিৰত কোনো লোক একত্ৰিত হ’ব নোৱাৰিব। কাউণ্টিং হল দূৰত্ব বজাই ৰাখিবৰ বাবে ডাঙৰ হ’ব লাগিব। থাকিব লাগিব পোহৰ, বতাহ চলাচলৰ ব্যৱস্থা। ভোট গণনা কেন্দ্ৰ বিজাণুমুক্ত কৰিব লাগিব। সুৰক্ষা বিধি মানি গণনা কেন্দ্ৰত টেবুল ৰাখিব লাগিব। থাৰ্মেল স্কেনিং বাধ্যতামূলক। কোনো এজেণ্টৰ ৰিপ’ৰ্ট পজিটিভ হ’লে তেওঁৰ পৰিৱৰ্তে আন কাৰোবাক নিয়োগ কৰিব পাৰিব। প্ৰাৰ্থী, কাউণ্টিং এজেণ্টসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে পিপিই কিট, মাস্ক, ছেনিটাইজাৰ, ফেচ শ্বিল্ড, গ্ল’ভছ ৰাখিব লাগিব। বিজয় সমদল উলিয়াব নোৱাৰিব। প্ৰমাণপত্ৰ লোৱাৰ সময়ত জয়ী প্ৰাৰ্থীৰ সৈতে থাকিব পাৰিব দুজন লোক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|